লাহোৱাল ঘোৰামৰা আৰক্ষী বিষয়াৰ প্ৰশংসনীয় পদক্ষেপ

0 1,359

ডিজিটেল সংবাদ, লাহোৱালঃ খাকী পোছাকৰ ভিতৰতো লুকাই থাকে প্ৰকৃত মানৱতা। এই কথাই প্ৰতীয়মান কৰি তুলিছে ডিব্ৰুগড় জিলাৰ লাহোৱাল ঘোৰামৰাৰ এজন আৰক্ষী বিষয়া। লাহোৱাল থানাৰ অন্তৰ্গত ঘোৰামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল শ‌ইকীয়াৰ ব্যতিক্ৰমী পদক্ষেপে মদাৰখাত মৌজাৰ জনসাধাৰণৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। এজন সৎ, নিষ্ঠাবান, সমাজ সেৱক আৰক্ষী বিষয়াজনে সুৰাৰ বিৰুদ্ধে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ। ঘোৰামৰা আৰক্ষী চকীৰ এলেকাত চলি থকা অবৈধ সুৰাৰ ঘাটি সমূহৰ পৰা একাংশ আৰক্ষীয়ে মাহিলী কমিচন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে আৰক্ষী বিষয়াজনে অতি সাহসেৰে মদৰ ঘাটি বন্দ কৰি এক সুস্থ বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে মদৰ দোকান চলাই থকা সকলে বৰ্তমান এই বেহা ত্যাগ কৰি এক সন্মানজনক ব্যৱসায়েৰে সুন্দৰ জীৱন-যাপন অতিবাহিত কৰিছে। তদুপৰি ৰাজহুৱা স্বাৰ্থক অধিক গুৰুত্ব প্ৰদান কৰা ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জন সমাগম পূৰ্ণ স্হানত বিক্ৰী কৰা ধপাতকে ধৰি নিচাজাতীয় সামগ্ৰী ইতিমধ্যে বন্ধ কৰি নৱ -প্ৰজন্মক ধ্বংস মূখৰ পৰা ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা ৰাখিছে।স্হানীয় ৰাইজ তথা শিক্ষাবিদ, বৌদ্ধিক, সমাজ সেৱক সকলে ঘোৰামৰা আৰক্ষী চকীৰ বিষয়া গৰাকীৰ এনে ভূমিকাক শলাগ লৈছে।

Comments
Loading...