পৰেশ বৰুৱাৰ মৃত্যু ! কিমান সত্য ?

0 234

ডিজিটেল ডেস্কঃ আলফা (স্বাধীন) অসমৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰি আহিছে। চীন-ম্যানমাৰ সীমান্তত সংঘটিত হোৱা এক পথ দূৰ্ঘটনাত মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ কৰিছে lookeast.in নামৰ ডিজিটেল ৱেব পৰ্টেলটোৱে। আজিৰ পৰা এক সপ্তাহৰ পূৰ্বে আলফা (স্বা) অসমৰ মুখ্য সেনাধ্যক্ষগৰাকীৰ মৃত্যু হোৱা বুলি দাবী কৰি প্ৰকাশ কৰিছে এই বাতৰি। চীন-ম্যানমাৰ সীমান্তৰ ৰুইলীত সংঘটিত হোৱা পথ দূৰ্ঘটনাটোত আহত হোৱাৰ পিছতে মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে বাতৰিটোত।

https://lookeast.in/inputs-about-paresh-barua-having-died/

অৱশ্যে এই সন্দৰ্ভত এতিয়াও নিশ্চিত কৰিব পৰা ভাৰতীয় চোৰাংচোৱা সংস্থাই। উল্লেখ্য যে ৰুইলীত এক মটৰ চাইকেল দূৰ্ঘটনাত পৰেশ বৰুৱাৰ কেইবাডালো কামিহাড় ভগা বুলি এক সূত্ৰত প্ৰকাশ পাইছে। ৰুইলীতে বাংলাদেশ এৰি আশ্ৰয় লৈ আছিল পৰেশ বৰুৱাই। ৯ বছৰ ধৰি পৰেশ বৰুৱা ৰুইলীতে থকা বুলি দাবী কৰিছিল বিভিন্ন পক্ষই। ইপিনে ম্যানমাৰ সীমান্ত থকা আছাম ৰাইফলছৰ শিৱিৰেও দুৰ্ঘটনাৰ খবৰ অস্বীকাৰ কৰা নাই।

উল্লেখ্য যে পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰি ইয়াৰ পূৰ্বেও আহিছিল। শেহতীয়াকৈ প্ৰকাশ পোৱা এই বাতৰি কিমান সত্য সেই সন্দৰ্ভত কোনেও নিশ্চিত কৰিব পৰা হোৱা নাই। অৱশ্যে তিনিদিনৰ পূৰ্বে ঘনিষ্ঠৰ সৈতে যোগাযোগ কৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। 

Comments
Loading...