বিমুদ্ৰাকৰণৰ বাবেই পিছুৱাই গ’ল ভাৰতৰ অৰ্থনীতি

0 61

ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণৰ বাবেই পিছুৱাই নিলে ভাৰতৰ অৰ্থনীতি। এই অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ক’লা টকা বগা কৰিবৰ কাৰণেহে বিজেপি চৰকাৰে বিমুদ্ৰাকৰণৰ নীতি আশ্ৰয় লোৱা বুলি উল্লেখ কৰি বিমুদ্ৰাকৰণৰ দ্বাৰা বিজেপিৰ লাভ হ’ল কিন্তু দৰিদ্ৰ মানুহখিনিৰ ভয়াৱহ লোকচান হ’ল বুলি অভিযোগ তুলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে।

আজি আয়োজন এক সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰেৱতী ফুকনৰ নিৰুদ্দেশক লৈ কয় -এয়া গুপ্তহত্যা, গুপ্তহত্যা চলিছে ৰাজ্যত। লাফিকুল ইছলাম হত্যাকাণ্ড, ধলা কাণ্ডই তাৰেই ইংগিত দিছে। পৰেশ বৰুৱাৰ মৃত্যুৰ ভুৱা বাতৰিক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তৰুণ গগৈয়ে। পৰেশ বৰুৱা বাচি থাকিব লাগে, কিন্তু স্বাধীন অসমৰ কথাটো আমি সমৰ্থন নকৰো বুলি সংবাদমেলত ক’লে গগৈয়ে। চোৰাংচোৱাই সত্য-অসত্য ক’ব নোৱাৰাটো ব্যৰ্থতা। অগপ-বিজেপিৰ মিত্ৰতা এখন নাটক বুলিও মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।‍

Comments
Loading...