সংস্কৃতিবান যুৱক পিন্টু দত্ত আৰু নাইঃ মদাৰখাতত শোকৰ ছাঁ

0 80

ডিজিটেল সংবাদ, লাহোৱালঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ ঐতিহাসিক শ্রীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ সমীপৰ টিকেন দত্ত আৰু কুঞ্জলতা দত্তৰ কনিষ্ঠ পুত্ৰ, সংস্কৃতিবান যুৱক পিন্টু দত্ত ৰোগজনিত কাৰণত কালি পুৱা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিসালয়ত মৃত্যু হয়। ১৯৮০ চনৰ ৩১ মাৰ্চত জন্মগ্ৰহণ কৰা পিন্টু দত্তৰ মৃত্যুৰ সময়ত পিন্টু দত্তৰ বয়স হৈছিল ৩৮ বছৰ।

এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে মদাৰখাত অঞ্চলত বিশেষ সুনাম থকা এইগৰাকী যুৱকে গীত, নৃত্য, ভাওনা, বাদ্য সকলোতে পার্গত হোৱাৰ লগতে নিজকে এগৰাকী স্বাৱলম্বী যুৱক হিচাপে জীৱন নিৰ্বাহ কৰিছিল। মৃত্যুৰ সময়ত দত্তই পত্নী ৰিজুমনি দত্ত, এটি কণমানি কন্যা সন্তানৰ লগতে জ্যেষ্ঠ ভাতৃকে প্ৰমুখ্যে কৰি বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়।

শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰাধিকাৰ শ্ৰীশ্ৰী উৎসৱানন্দ দেৱ গোস্বামী, যুৱাধিকাৰ শ্ৰীশ্ৰী বৈষ্ণবানন্দ দেৱগোস্বামীকে প্ৰমুখ্যে কৰি অঞ্চলটোৰ দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। বহু সংখ্যক লোকৰ উপস্থিতিত ধৰ্মীয় নীতি-নিয়মেৰে শেষকৃত্য সম্পন্ন কৰা হয়।

Comments
Loading...