তিনিচুকীয়াত ভয়ংকৰ পথ দূৰ্ঘটনাত এজনৰ মৃত্যু

0 160

ডিজিটেল ডেস্কঃ আজি সন্ধিয়া প্ৰায় ৫.১০ বজাত তিনিচুকীয়া গোবিন্দপুৰত সংঘটিত হোৱা ভয়ংকৰ পথ দূৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হৈছে। গোবিন্দপুৰস্থিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দূৰ্ঘটনাটোত দুজন বাইক আৰোহীৰ ভিতৰত এজন থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন এজন গুৰুতৰভাৱে আহত হৈছে।

জানিব পৰামতে এ এছ ২৩ আৰ ৬৩০৭ নম্বৰৰ বাইকখনত অহা যুৱক দুজনে এছ ২৩ বি চি ৭৮৪৮ নম্বৰৰ ট্ৰাকখনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ দূৰ্ঘটনাটো। বাতৰি লিখাৰ পৰলৈকে নিহত আৰু আহত লোক দুজনৰ বিষয়ে সৱিশেষ তথ্য জানিব পৰা হোৱা নাই। সম্প্ৰতি আহত যুৱকজনক চিকিত্সাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

Comments
Loading...