শিলাদিত্যৰ হত্যা হ’লে জগৰীয়া হ’ব আলোচনাপন্থী আলফাই

0 46

ডিজিটেল ডেস্কঃ পুনৰ আলফাৰ বিৰুদ্ধে গৰজি উঠিছে বিজেপিৰ বিধায়ক শিলাদিত্য দেৱ। তিনিচুকীয়াৰ ধলাত ৫ জনকৈ নিৰীহক দুৰ্বৃত্তই হত্যা কৰাৰ পিছতে সংবাদ-মাধ্যমৰ আগত আলফাৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিজেপিৰ বহু বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে। কাইলৈ যদি মোৰ হত্যা হত্যা হ’লেও জংঘল এৰি বিলাসী জীৱন কটোৱা ব্যক্তিসকলেই জগৰীয়া হ’ব বুলি মন্তব্য কৰে।

তেওঁ লগতে কয় যে,  ‘মই কেতিয়াও ভাতৃঘাতী সংঘাতৰ কথা কোৱা নাছিলো৷ উচতনিমূলক মন্তব্য দিয়া নাই মই৷ আলফাৰ বিৰুদ্ধে মই মাত মাতিছো৷ আলফাক উদ্বুদ্ধ কৰিম নেকি মই? বিপ্লৱী বুলি কোৱা তথাকথিত নেতাসকল তদন্তৰ আওতালৈ অহা উচিত।

মিঞা লেণ্ড হ’বলৈ অগ্ৰসৰ হোৱা অসমক লৈ মাত নামাতে তেওঁলোকে৷ ইছলামিক ফাণ্ডামেণ্টেল গ্ৰুপৰ লগত হাত আছে তেওঁলোকৰ৷ বিজেপিৰ শাসন চলাৰ বাবেহে মুখ মেলিবলৈ সাহস পাইছে ২৩ অক্টোবৰত বন্ধ দিয়া অখিল গগৈয়ে। বিজেপিৰ বিধায়কজনে লগতে ক’লে যে, থলুৱাকহে চেলেঞ্জ কৰিছে ছালফাই।

Comments
Loading...