শিক্ষবিহীন ধুবুৰীৰ এখন বিদ্যালয়…

0 20
ডিজিটেল সংবাদ, বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত বলিৰ চৰ এম ই মাদ্ৰাছাত আৰবী হিন্দী শিক্ষক অবিহনে ছাত্ৰ-ছাত্ৰী সকলক পাঠদান দিয়াত অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। জানিব পৰা মতে, প্ৰায় ৬ বছৰ আগতে বিদ্যালয়খনৰ আৰবী শিক্ষক গৰাকী অৱসৰ গ্ৰহণ কৰাত মাজতে এগৰাকী আৰবী শিক্ষয়িত্রী নিযুক্তি দিছিল যদিও শিক্ষয়িত্রী গৰাকীয়ে কিছুদিন পাঠদান দিয়াৰ পাছত অন্য এখন বিদ্যালয়লৈ বদলি হৈ যায়।
বৰ্তমান বিদ্যালয়খনত আৰবী আৰু হিন্দী শিক্ষক অবিহনে ছাত্ৰ-ছাত্ৰী সকলক পাঠদান দিয়া হৈছে। কিন্তু আৰবী হিন্দী বিষয় শিক্ষক নথকাত ছাত্ৰ-ছাত্ৰীসকলৰ ছমহীয়া, বছৰেকীয়া পৰীক্ষাকে ধৰি শেহতীয়া গুণোৎসৱ পৰীক্ষাত অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। বিদ্যালয়খনত বৰ্তমান ৩ গৰাকী শিক্ষকেহে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগা হৈছে।
চৰকাৰে অনতিপলমে আৰবী আৰু  হিন্দী শিক্ষক নিযুক্তি দি বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষাদান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে স্হানীয় ৰাইজৰ লগতে বিদ্যালয় খনৰ প্ৰধান শিক্ষক হাকিম উদ্দিন ভুঞাই। ইফালে  বিদ্যালয়খনৰ আৰবী আৰু হিন্দী শিক্ষককে ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে। 
Comments
Loading...