অশান্তি বিয়পাবলৈ আকৌ অসমলৈ আহিছে বংগৰ মমতাবাহিনী

0 82

ডিজিটেল ডেস্কঃ শান্ত অসমত অশান্তি বিয়পাবলৈ আকৌ আহিছে পশ্চিমবংগৰ মমতাবাহিনীৰ দল। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশত ধলাৰ জঘন্য গণহত্যাৰ বুজ ল’বলৈ আজি অসমলৈ আহিছে বংগৰ তৃণমূল কংগ্ৰেছৰ এটা চাৰিজনীয়া প্ৰতিনিধিৰ দল। ধলাৰ খেৰবাৰী নৰসংহাৰত নিহতৰ পৰিয়ালৰ খবৰ লোৱাৰ উদ্দেশ্যে বিমানযোগে ডিব্ৰুগড়ত উপস্থিত হোৱা তৃণমূল কংগ্ৰেছৰ দলটোৰ নেতৃত্বত আছে সাংসদ ডেৰিক অ’বব্ৰেইন।

উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ পূৰ্বেও অসমলৈ আহি শিলচৰ বিমান বন্দৰত চূড়ান্ত অসভ্যালি কৰা সাংসদ মহুৱা মৈত্ৰাৰ লগতে আহিছে মমতা বালা ঠাকুৰ, নাজিমুল হক। কূটিল ৰাজনীতিৰে অসমৰ স্বয়ম্ভূ অভিভাৱক হ’বলৈ বিচৰা মমতা বেনাৰ্জীয়ে বাৰে বাৰে অসমলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰি অসমক অশান্ত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে জাতীয় দল সংগঠনে।

অসমত ভাতৃঘাটী সংঘৰ্ষ সৃষ্টি কৰিব পৰা যিকোনো কাৰ্যৰ পৰা বিৰত থাকিবলৈ মমতা বাহিনীক কঠোৰ সকীয়নি প্ৰদান কৰিছে জাতীয় দল-সংগঠনসমূহে। আনহাতে জঘন্য খেৰবাৰী নৰসংহাৰৰ বুজ ল’বলৈ অসমলৈ অহা পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটো ডিব্ৰুগড় বিমান বন্দৰৰ পৰা ৰাওনা হ’ব ধলালৈ। ধলা ছৈখোৱাৰ খেৰবাৰীত উপস্থিত হৈ নিহতৰ পৰিয়ালক সাক্ষাৎ কৰিব মমতা বাহিনীয়ে।

ইপিনে ডিব্ৰুগড়ত উপস্থিত হৈয়েই বংগৰ তৃণমূল কংগ্ৰেছৰ দলে কয় যে, ‘এই আন্দোলন আৰম্ভ হৈছেহে। এই আন্দোলন থমকি নৰব যেতিয়া লৈকে এই হত্যাৰ ঘটনা কিয় হ’ল, কিয় কৰিলে, কোনে কৰিলে তথ্য পোহৰলৈ নাহে। ইয়াত বঙালী মানুহ মৰিছে। এইয়া ভয়ানক ঘটনা। দেশত জনসাধাৰণৰ নিৰাপত্তা নোহোৱা হৈছে।’

Comments
Loading...