‘অসমীয়াক ঘৰে ঘৰে গৈ মাৰিম’ বুলি কোৱা সুজিত সৰকাৰৰ বিৰুদ্ধে প্ৰৱাল নেওগৰ এজাহাৰ

0 64

ডিজিটেল ডেস্কঃ ‘অসমীয়াক ঘৰে ঘৰে গৈ মাৰিম’ বুলি অলপতে উচটনিমূলক মন্তব্য কৰা বিটিচিৰ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছনৰ সভাপতি সুজিত সৰকাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আলোচনাপন্থী আলফা নেতা প্ৰৱাল নেওগে। অসমৰ বাঙালী আৰু অসমীয়াৰ ভাতৃঘাটী সংঘৰ্ষ সৃষ্টি কৰিব পৰা উচটনিমূলক মন্তব্যৰ পিছতে তিনিচুকীয়াৰ ধলাত পাঁচজনকৈ নিৰীহক নৃশংসভাৱে হত্যা কৰিছিল।

আনকি আলোচানাপন্থী আলফা নেতা প্ৰৱাল নেওগকো প্ৰাণনাশৰ ভাবুকি দিছিল সুজিত সৰকাৰ নামৰ বাঙালী নেতাজনে। ইপিনে বাঙালী নেতাজনৰ প্ৰাণনাশৰ ভাবুকিত ভীতিগ্ৰস্থ হৈ আজি তিনিচুকীয়া সদৰ থানাত আলোচনাপন্থী আলফা নেতাগৰাকীয়ে বাঙালী নেতাজনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

আলোচনাপন্থী আলফা নেতাগৰাকীয়ে এজাহাৰখনত তেওঁ শান্তিৰ স্বাৰ্থত অস্ত্ৰ ত্যাগ কৰা বৰ্তমান নিৰস্ত্ৰ লোক বুলি উল্লেখ কৰি বাঙালী নেতাজনৰ ভাবুকিত ভীতিগ্ৰস্থ হোৱা বুলি সদৰি কৰিছে। বাঙালী নেতাজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈকো দাবী জনাইছে আলোচনাপন্থী আলফা নেতাজনে।

Comments
Loading...