মৃণাল হাজৰিকা আৰু জিতেন দত্তক গ্ৰেপ্তাৰ

0 25

ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ ধলাত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ পিছতে আজি আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গুৱাহাটীৰ পাণবজাৰ থানাত সোধাপোছাৰ অন্ততঃ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আলোচনাপন্থী আলফা নেতাজনক।

উচতনিমূলক মন্তব্য দিয়াৰ অভিযোগত মৃণাল হাজৰিকাৰ বিৰুদ্ধে গোসাঁইগাঁও থানাত ৰুজু হৈছিল গোচৰ। আৰক্ষীয়ে উক্ত গোচৰটো হস্তান্তৰ কৰে গীতানগৰ থানালৈ। ৪৪৩/১৮ নং গোচৰৰ ভিত্তিত আলোচনাপন্থী আলফা নেতাজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইপিনে গুৱাহাটীৰ গীতানগৰ থানাতো মৃণাল হাজৰিকাৰ বিৰুদ্ধে ৰুজু হৈ আছে দুটাকৈ গোচৰ।

একেদৰে আলোচনাপন্থী আলফা নেতা জিতেন দত্তকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ গৈ থকাৰ সময়তে গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰে আলোচনাপন্থী আলফা নেতাজনক। উচতনিমূলক মন্তব্য কৰাৰ অভিযোগতে জিতেন দত্তক আটক কৰাৰ সন্দেহ কৰিছে।

Comments
Loading...