গ্ৰাম্য ক্ৰীড়া সমাৰোহ সম্পন্ন

0 57
কল্প জ্যোতি দাসঃ কালিৰে পৰা  সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলন আৰু লাহোৱাল যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা বকুল গ্ৰাম্য ক্ৰীড়া সমাৰোহখনি অনুষ্ঠিত হয়। বকুল উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত দুদিনীয়া কাৰ্য্যসূচী আজি সফল সামৰণি পৰে। প্ৰথম দিনাৰ পুৱাৰ ভাগত সংগঠনৰ পতাকা উত্তোলন কৰে সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি গগৈয়ে।
উক্ত সমাৰোহত ডিব্ৰুগড় জিলাৰ বি এল হাইস্কুল টিমনা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বকুল উচ্চতৰ মাধ্যমিক বিদ্যালয়, টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়, সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়, মদাৰখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, মদাৰখাত বালিকা বিদ্যালয়, বিষ্ণু জ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বহুকেইখন  বিদ্যালয়ৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে আজি বঁটা বিতৰণি আৰু মুকলি সভাত বহু কেইটা জাতীয়-জনগোষ্ঠীয় সংগঠনে উপস্থিত থাকে। এই সভাতেই সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনে ক্ৰীড়াংগন নামৰ এখনি আলোচনী উন্মোচন কৰে।
Comments
Loading...