গোলকগঞ্জত এজন বেংক গ্ৰাহকৰ ধন চুৰি

গোলকগঞ্জত এজন বেংক গ্ৰাহকৰ ধন চুৰি। ৩ লাখ ১০ হাজাৰ টকাৰ বেগ লৈ গ’ল দুৰ্বৃত্তই। হালাকুৰা গ্ৰামীণ বিকাশ বেংকত সংঘটিত হৈছে এই ঘটনা। এটা পেট্ৰ’ল পাম্পৰ আছিল টকাখিনি। পেট্ৰ’ল পাম্পৰ মেনেজাৰে বেংকত জমা থ’বলৈ নিছিল টকাখিনি।…

বৈধ ঘোষণা অনিল বৰগোহাঁইৰ মনোনয়ন

অৱশেষত বৈধ ঘোষণা অনিল বৰগোহাঁইৰ মনোনয়ন। লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বৰগোহাঁই। নথি বিসংগতিৰ বাবে মঙলবাৰে স্থগিত ৰখা হৈছিল বৰগোহাঁইৰ মনোনয়ন। আজি মনোনয়ন বৈধ ঘোষণা কৰিলে নিৰ্বাচনী বিষয়াই। লখিমপুৰত প্ৰদান বৰুৱাৰ…

আৰ পিৰ সংগ দিছে গোৰ্খা ছাত্ৰ সন্থাই

ৰাম প্ৰসাদ শৰ্মাক মুকলি সমৰ্থন সদৌ অসম গোর্খা ছাত্র সন্থা আৰু অসম গোর্খা সন্মিলনৰ। ৰাম প্ৰসাদ শৰ্মাক কাষত থিয় দি দিল্লীত বাহৰ পাতিছে দুই সংগঠনৰ নেতৃত্ব। ৰাম প্ৰসাদ শৰ্মাক বিজেপিয়ে প্রাৰ্থিত্ব প্ৰদান নকৰিলে অসমৰ প্ৰায় ২৫ লাখ…

ভাতৃৰ হৈ ঋণৰ ধন পৰিশোধ কৰিলে মুকেশ আম্বাণীয়ে

উচ্চতম ন্যায়ালয়ৰ ডেডলাইনৰ পূৰ্বে এৰিকছন ঋণ পৰিশোধৰ গোচৰত ভাতৃ অনিল আম্বানীক মুক্ত কৰিলে মুকেশ আম্বানীয়ে। মুকেশ আম্বানী, নীতা আম্বানীক ধন্যবাদ জনালে অনিল আম্বানীয়ে। এৰিকছনৰ ঋণ পৰিশোধৰ বাবে অনিল আম্বানীক কঠোৰ নিৰ্দেশ দিছিল উচ্চতম…

তেজপুৰত নিশা লোমহৰ্ষক হত্যাকাণ্ড

তেজপুৰত নিশা লোমহৰ্ষক হত্যাকাণ্ড। এখন ছুইফট ডিজায়াৰ বাহনৰ ভিতৰতে হানি-খুঁচি হত্যা এজন যুৱকক। মৃত যুৱকজনৰ নাম হাচনি মুদাচিৰ। কলিবাৰীৰ পুৰণি বান থিয়েটাৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা। মৃত যুৱকজনৰ ঘৰ তেজপুৰৰ বাৰিকাচুবুৰীত।…

অসমৰ ৫ সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ

অসমৰ আন ৫টা সমষ্টিৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ। মঙলদৈ সমষ্টিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা, তেজপুৰত এম জি ভি কে ভানু। লখিমপুৰত অনিল বৰগোহাঁই, নগাঁৱত প্ৰদ্যুত বৰদলৈ আৰু ডিফুৰ প্ৰাৰ্থী বীৰেন সিং ইংতি। কংগ্ৰেছে অসমত প্ৰকাশ কৰিলে মুঠ…

মাজনিশাই শপত ললে গোৱাৰ নতুন মুখ্যমন্ত্ৰীয়ে

গোৱাৰ নতুন মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত। পানাজীত নিশা শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ল। ৰাজ্যপাল মৃদুলা সিনহাই পাঠ কৰোৱালে শপতবাক্য। উপ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে দুগৰাকীয়ে। এম জি পিৰ নেতা সুদিন ধৱলিকাৰে আৰু জি এফ পি…

আজি অৰুণাচলত ৰাহুল

আজি অৰুণাচললৈ যাব কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী। পুৱা ৯ বজাত দিল্লীৰ পৰা ৰাওনা হ’ব লখিমপুৰলৈ। লীলাবাৰী বিমান বন্দৰত অৱতৰণ কৰিব বিশেষ বিমান। লখিমপুৰৰ পৰা হেলিকপ্টাৰেৰে ৰাওনা হ’ব ইটানগৰলৈ। ইটানগৰত বিশাল জনসভা সম্বোধন কৰিব…

নাহৰকটীয়াত দুই ড্ৰাগ্ছ ব্যৱসায়ীক আটক

নাহৰকটীয়াত আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী। ধৃত চাৱাং লৱাং আৰু প্ৰাঞ্জল বুঢ়াগোহাঁই ওৰফে মুন্না। দুয়োজনৰ পৰা জব্দ কৰে ব্ৰাউন চুগাৰ, লগতে এখন বাইক। এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু আৰক্ষীৰ।

মিত্ৰতাঃ অগপ মহিলা পৰিষদৰ শীৰ্ষ নেতৃত্বৰ পদত্যাগ

মিত্ৰতাক লৈ অগপত আৰম্ভ অন্তৰ্কন্দল। অগপৰ পৰা পদত্যাগ দীপাঞ্জলি বৰাৰ। অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সম্পাদিকা বৰা। যোৰহাট জিলা মহিলা পৰিষদৰ সভানেত্রী আছিল বৰা। দলৰ শেহতীয়া কাম-কাজত অসন্তুষ্ট হৈ পদত্যাগ বৰাৰ। সোমবাৰে নেতৃত্বৰ হাতত…