শ্ৰমিকক দমন কৰাৰ নীতি চলাইছে বাগিচা মালিকে

0 192

ডিজিটেল সংবাদ ,লাহোৱালঃ ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ইদা চাহ বাগিচাত প্ৰাপ্যৰ পৰা বঞ্চিত সাতগৰাকী মহিলা শ্ৰমিকৰ বিৰুদ্ধে ডিব্ৰুগড় মিলন নগৰ আৰক্ষী চকীত গোচৰ দিয়াক লৈ আটছাৰ ডিব্ৰুগড় শাখা আৰু ডিব্ৰুগড় শাখা চাহ মজদুৰ সংঘই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কালি থানা ঘেৰাও কৰে।

উল্লেখযোগ্য যে ইদা চাহ বাগিচাত কৰ্মৰত সাতগৰাকী মহিলা শ্ৰমিকৰ প্ৰাপ্য অধিকাৰ বিচৰাৰ বাবে ইদা চাহ বাগিচাৰ স্বত্বাধিকাৰী বিজয় কুমাৰ জৈনে মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰী শশীকান্ত আগৰৱালা দ্বাৰা বাগিচাখনৰ মহিলা শ্ৰমিকৰ বিৰুদ্ধে ভুৱা গোচৰ জাপি দিয়াৰ কাৰ্যক আটছাৰ ডিব্ৰুগড় শাখা আৰু চাহ মজদুৰ সংঘ ডিব্ৰুগড় শাখাই মিলন নগৰ আৰক্ষী চকী ঘেৰাও কৰি গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই।

আটছাৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক বসন্ত কুৰ্মী, জিলা প্ৰচাৰ সম্পাদক লক্ষীন্দ্ৰ কুৰ্মী, ডিব্ৰুগড় শাখাৰ সভাপতি সুৰজ নায়ক, অসম চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ সহ সম্পাদক অমৃত চাবাচ্ছী, ইদা বাগিচাৰ শ্ৰমিক ইউনিয়নৰ সভাপতি জেচিঅ ৰ‌ইতে প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে।

Comments
Loading...