আলফা দুভাগত বিভক্ত হৈছে ঃ অনুপ চেতিয়া

0 248

ডিজিটেল ডেস্কঃ ‘আলফা এতিয়া দুটা ভাগত বিভক্ত, পৰেশ বৰুৱাৰ নেতৃত্বত আলফা (স্বাধীন)।’- পৰেশ বৰুৱাক লৈ অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া। ‘আমাৰ যোগ্যতা আছে নে নাই স্পষ্ট হ’ব চুক্তিৰ পিছত।’- হাতীগাঁৱত সংবাদমেল পাতি এই মন্তব্য অনুপ চেতিয়াৰ।

‘আলফা স্বাধীনৰ লগত বিতৰ্কত সোমাব খোজা নাই, পৰেশ বৰুৱাৰ বিৰুদ্ধে ক’ব লগা থাকিলেও জাতিৰ স্বাৰ্থত নকওঁ।’- আলফা স্বাধীনৰ সৈতে হোৱা তৰ্ক যুদ্ধৰ পৰা বিৰত থকিবলৈ সকলো পক্ষকে এই আহ্বান অনুপ চেতিয়াৰ। ‘যদি তেওঁৰ হত্যা হৈছে তাৰ বিচাৰ হোৱাটো বিচাৰো, তেওঁক লৈ ৰহস্যৰ অন্ত হোৱাটো বিচাৰো।’- ৰেৱতী ফুকনৰ সন্ধানহীন সম্পৰ্কেও প্ৰতিক্ৰিয়া প্ৰকাশ চেতিয়াৰ।

Comments
Loading...