চাবুৱাত এটা পঞ্চায়তো দখল কৰিব নোৱাৰে অগপইঃ বিধায়ক বিনোদ হাজৰিকা

0 243

ডিজিটেল সংবাদ, চাবুৱাঃ পঞ্চায়ত নিৰ্বাচনৰ দিন ক্ৰমাত্ চমু চাপি আহিছে। তাৰ মাজতে চাবুৱাত আৰম্ভ বোকা ছটিওৱাৰ ৰাজনীতি। অগপ-বিজেপিৰ মাজত চলি থকা যুঁজখনে বাৰুকৈয়ে আমোদ দিছে চাবুৱাবাসীক। প্ৰধানকৈ চাবুৱা সমষ্টিত দুয়োটা দলৰ মাজতে মূল যুঁজখন হোৱাৰ সম্ভাৱনা আছে যদিও দুয়োটা দলেই এই ক্ষেত্ৰত স্বীকাৰ কৰা নাই। মাথো চলি আছে বোকা ছটিওৱাৰ ৰাজনীতি। কালি চাবুৱাত অনুষ্ঠিত হোৱা বিজেপিৰ এখন দলীয় সভাত সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত বিধায়ক বিনোদ হাজৰিকাই অগপক কঠোৰ ভাষাৰে সমালোচনা কৰে। বিধায়ক হাজৰিকাই দিয়া ভাষ্য আমি সুবহু তুলি ধৰিলো।

”দধীয়া-লাইকাৰ দৰে খিলঞ্জীয়া মানুহক যেতিয়া আমি পুনৰসংস্থাপন দিব পৰা নাই, তেনেস্থলত বাংলাদেশৰ পৰা মানুহ আনি অসমত সংস্থাপন দিয়া কথাটো যুক্তিহীন কথা। এই সম্পৰ্কত অসম চৰকাৰৰ এজেণ্ডাত নাই। এই কথা স্পষ্ট কৰি দিব বিচাৰিছো। যেতিয়ালৈকে যুটীয়া সংসদীয় কমিটিৰ প্ৰতিবেদন নাহে তেতিয়ালৈকে এই বিধেয়কখন আইনত পৰিণত হয় নে নহয় সেইয়া পিছৰ কথা। অসম গণ পৰিষদে চৰকাৰৰ বিৰুদ্ধে কোনো ইচ্ছ্যু বিচাৰি নোপোৱাৰ বাবেই হিন্দু বাংলাদেশী অনাৰ কথাটো অপপ্ৰচাৰ কৰি ফুৰিছে। অগপই দুবাৰকৈ শাসন চলোৱাৰ সময়ত অসমত গুপ্তহত্যা চলাইছিল। প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অগপ চৰকাৰে চৰকাৰী চাকৰিয়ালক দৰমহা দিব পৰা নাছিল, বাট-পথ নিৰ্মাণ কৰিব পৰা নাছিল। চাবুৱাত অগপৰ কোনো ভেটি নাই। চাবুৱা সমষ্টিত অগপই এটা পঞ্চায়ততো জিকিব নোৱাৰে। এই কথা দাঁতি কব বিচাৰিছো। অৱশ্যে কংগ্ৰেছক মই দুৰ্বল বুলি কব নোৱাৰো।” 

Comments
Loading...