ডিকম জিলা পৰিষদত তিনিকোণীয় প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা

0 236

ডিজিটেল সংবাদ, চাবুৱাঃ ডিকম জিলা পৰিষদটোৰ অাটাইতকৈ সচেতন ভোটাৰেৰে সমৃদ্ধ এইবাৰৰ নিৰ্বাচন ত্রিনোকণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনাই দেখা দিছে । তিনিটা পঞ্চায়ত নিৰ্বাচনত ধাৰাবাহিকভাৱে কংগ্ৰেছ দলে নিৰংকুশ বিজয় সাব্যস্ত কৰি অহাৰ পাছত এইবাৰো বিৰোধী দলটোৱে জিলা পৰিষদটোৰ পুনৰ নিজৰ দখলত ৰাখিবলৈ যতপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে।

পৰিষদটোৰ শাসকীয় দলৰ পৰা যুৱনেতা ব্ৰজেন গগৈ, বিৰোধী কংগ্ৰেছ দলৰ মিনা তেলী, অসম গণ পৰিষদৰ সত্যনাথ দুৱৰাই প্ৰতিদ্বন্দ্বিতা অাগবঢ়াইছে। কিন্তু শাসকীয় দলটোৰ প্ৰাৰ্থীগৰাকী নিৰ্বাচনত বিজয়ৰ ক্ষেত্রত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কিয়নো প্ৰাৰ্থীগৰাকীক পৰিষদখনৰ গৰিষ্ঠ সংখ্যক ভোটাৰে ভালদৰে চিনি নাপায়।

তদুপৰি, পৰিষদখনৰ অন্তৰ্গত ডিকম পঞ্চায়ত, হাতীঅালি পঞ্চায়ত, নাদুৱা পঞ্চায়ত অাৰু পুলুঙা পঞ্চায়তৰ চাহ বাগিচাৰ শ্ৰমিকৰ ভোটৰ ওপৰতো যথেষ্ট নিৰ্ভৰ কৰে। কিন্তু এইবাৰ নিৰ্বাচনত বাগিচা বিলাকৰ গৰিষ্ঠ সংখ্যক ভোট শাসকীয় দলে লাভ কৰাত জটিলতা অাহি পৰিছে।  অন্যহাতে, বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থী মিনা তেলী কিছু পৰিমাণে শক্তিশালী স্থিতিত অৱস্থান কৰিছে। পৰিষদখনৰ বিভিন্ন ধৰ্মীয় সম্প্ৰাদায়ৰ ভোটাৰৰ মাজত যথেষ্ট জনপ্ৰিয়তা অাছে মিনা তেলী।

অন্যহাতে, চাহ বাগিচাৰ লগতে সংখ্যালঘু ভোটাৰে সদায় বিৰোধী কংগ্ৰেছৰ পক্ষতে ভোটদান কৰি অাহিছে বিগত নিৰ্বাচনসমূহত। তেনেস্থলত প্ৰাৰ্থীগৰাকী অাজিৰ তাৰিখত বহু পৰিমানে শাসকীয় দলৰ প্ৰাৰ্থীগৰাকীতকৈ অাগস্থানত অাছে। অন্যহাতে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীগৰাকী কিছু শক্তিশালী পৰিমানে প্ৰতিদ্বন্দ্বিতা অাগবঢ়াব পাৰে।

বৰ্তমান অসমৰ জটিল সন্ধিক্ষণৰ সময়ত বহু নতুন ভোটাৰে শাসকীয় বিজেপি অাৰু কংগ্ৰেছৰ প্ৰতি বিতুষ্ট হৈ অগপ দলৰ প্ৰাৰ্থীগৰাকীক ভোট প্ৰদান কৰিলেও অাচৰিত হ’বলগীয়া একো নাথাকিব। অগপ পক্ষত যদিহে বহু ভোট পৰে তেন্তে ভোট বিভাজনৰ জৰিয়তে কংগ্ৰেছ দলৰ প্ৰাৰ্থী মিনা তেলী লাভান্বিত হোৱাটো এশ শতাংশই নিশ্চিত।

অানহাতে অাজি ডিকম জিলা পৰিষদৰ প্ৰাৰ্থী মিনা তেলী, ডিকম গাঁও পঞ্চায়তৰ প্ৰাৰ্থী চিমা বৰুৱা, প্ৰাক্তন ডিকম গাঁও পঞ্চায়তৰ সভাপতি উপেন বৰুৱা অাৰু অাঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী অঞ্জুমনি শইকীয়াই ডিকম লাইনত বহু সমৰ্থকক লগত লৈ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ অভিযান সামৰণি মাৰে।

Comments
Loading...