অগপক কেয়াৰ নকৰে একালৰ সভাপতি চন্দ্ৰমোহন পাটোৱাৰীয়ে

0 118

ডিজিটেল ডেস্কঃ একালত সভাপতিৰ দৰে দায়িত্ব গ্ৰহণ কৰা আঞ্চলিক দল অসম গণ পৰিষদক কঠোৰ ভাষাৰে সমালোচনা কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আমগুৰিত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ‘অগপক কেয়াৰ নকৰে’ বুলি মন্তব্য কৰিছে। 

অগপই শ্বহীদক অপমান কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে অগপই কংগ্ৰেছ-এ আই ইউ ডি এফৰ সৈতে সুৰ মিলোৱাৰো অভিযোগ তুলিছে মন্ত্ৰী পাটোৱাৰীয়ে। অগপৰ চৰিত্ৰ সংশোধন নহয় বুলি মন্তব্য কৰি পাটোৱাৰীয়ে অগপ নেতাসকলক মন্ত্ৰীপদ লাগে, এছক’ৰ্ট-পাইলট গাড়ী লাগে কিন্তু একেসময়তে মিত্ৰদল বিজেপিৰ বিৰোধিতাও কৰি থাকে বুলি অভিযোগ তুলিছে।

Comments
Loading...