ডিব্ৰুগড় জিলা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ শেহতীয়া খবৰ

0 344

ডিব্ৰুগড়ৰ লাহোৱাল গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপিৰ কমলা চাহু বিজয়ী। পঞ্চায়তখনৰ ১০টা ৱাৰ্ড সদস্যৰ পদে বিজেপিৰ দখলত। খোৱাং পঞ্চায়তৰ ১০টা ৱাৰ্ডৰ ৯টাত বিজেপি আৰু এটাত অগপৰ জয়লাভ। আঞ্চলিক পঞ্চায়তৰ সদস্য পদত জয়লাভ বিজেপিৰ দিগন্ত নেওগ। ইকৰাতলী পঞ্চায়তৰ সভাপতি পদত জয়ী কংগ্ৰেছৰ দ্বিজেন গগৈ। আঞ্চলিক সদস্য পদত জয়লাভ কৰে কংগ্ৰেছ প্ৰাৰ্থী সীতা কেওটৰ। পঞ্চায়তখনৰ ২টা ৱাৰ্ড বিজেপি আৰু ৮টা কংগ্ৰেছৰ দখলত। আনহাতে, কছাৰী পথাৰ পঞ্চায়তৰ ১০টা ৱাৰ্ডতে বিজেপি জয়লাভ। ইফালে, খনিকৰ গাঁও পঞ্চায়তত কংগ্ৰেছৰ দখল ৭টা, বিজেপিৰ দখলত দুটা আৰু এটা ৱাৰ্ডত কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিছে সমান ভোট। বগীবিল গাঁও পঞ্চায়তৰ ৯টা ৱাৰ্ড বিজেপিৰ দখলত, এটা ৱাৰ্ড দখল কৰিছে কংগ্ৰেছে। লেঙেৰী গাঁও পঞ্চায়তত বিজেপিৰ দখলত ৬টা আৰু কংগ্ৰেছৰ দখলত ৪টা ৱাৰ্ড সদস্যৰ পদ। সেইদৰে, টেঙাখাত পঞ্চায়তত বিজেপিৰ দখলত ৫টা ৱাৰ্ড, কংগ্ৰেছে পাইছে ৪টা আৰু অগপই দখল কৰিছে এটা ৱাৰ্ড। নাচনী পঞ্চায়তত অগপই ৬টা, বিজেপি আৰু কংগ্ৰেছে দুটাকৈ ৱাৰ্ড সদস্যৰ পদ দখল কৰিছে। টিমনা পঞ্চায়তত বিজেপিয়ে ৮টা আৰু কংগ্ৰেছে দখল কৰিছে ২টা ৱাৰ্ড। টিমনা পঞ্চায়তৰ সভাপতি পদত বিজেপিৰ প্ৰাঞ্জল চাংমাই আৰু আঞ্চলিক পঞ্চায়ত সদস্য পদত উৰ্চিলা মুড়াৰ জয়লাভ।

নাহৰকটীয়া গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপিৰ মৃগেন গগৈৰ জয়লাভ। নাহৰকটীয়া আমগুৰি পঞ্চায়তত বিজেপি ৩টা, কংগ্ৰেছে ৪টা আৰু অগপই দখল কৰে ৩টা ৱাৰ্ড। ইফালে, দুলীয়াজানৰ লেংৰাই পঞ্চায়তত বিজেপিয়ে ৬টা আৰু কংগ্ৰেছে ৪টা ৱাৰ্ডত জয়লাভ কৰে। কলাখোৱা গাঁও পঞ্চায়তত বিজেপিৰ দখলত ৯টা আৰু কংগ্ৰেছৰ দখলত এটা ৱাৰ্ড সদস্যৰ পদ। সভাপতি পদত জয়ী মৰমী সন্দিকৈ আৰু আঞ্চলিক পঞ্চায়ত সদস্য পদত জয়ী মৃণাল মিলি। আনহাতে, ঔফলীয়া গাঁও পঞ্চায়তৰ সদস্য পদত জয়লাভ বিজেপিৰ ৫, অগপৰ ২ আৰু কংগ্ৰেছৰ ৩ প্ৰাৰ্থীৰ।

নাহৰকটীয়াৰ ঘিনাই পঞ্চায়তৰ সভাপতি পদত জয়ী বিজেপিৰ গোপাল টেলেংগা। কাউন্সিলাৰ পদত জয়ী হৈছে কংগ্ৰেছৰ মুকুন্দ বকতিয়াল। টিংখাঙৰ নাচনী পঞ্চায়তৰ সভানেত্ৰী পদ দখল কৰে অগপ প্ৰাৰ্থী যুগমায়া সোণোৱাল গগৈয়ে। আঞ্চলিক পঞ্চায়তৰ সদস্য পদত জয়ী অগপ প্ৰাৰ্থী বিকাশ বৰুৱা। আনহাতে, গহপুৰৰ ৪খন পঞ্চায়ত বিজেপিৰ দখলত। ইফালে, চাবুৱাৰ খামটি গুৱালী পঞ্চায়তৰ সভানেত্ৰী পদত জয়লাভ কৰে বিজেপিৰ বাবলী গোৱালা ৰাজোৱাৰে।

 

Comments
Loading...