ডিব্ৰুগড়ত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোট গণনা।

0 243

ডিজিটেল ডেস্কঃ আজি পুৱাৰে পৰা ৰাজ্যৰ ৪০ টা স্থানত অনুষ্ঠিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। পুৱা প্ৰায় ৮ বজাৰ পৰা ডিব্ৰুগড় চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালৰঞয়ত কটকটীয়া নিৰাপত্তা বেষ্টনিত অনুষ্ঠিত হৈছে ভোট গণনা। বাতৰি লিখাৰ পৰলৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা নাই। 

ইপিনে বিদ্যালয়খনৰ প্ৰৱেশদ্বাৰৰ চৌহদত ভীৰ কৰিছে প্ৰাৰ্থীসকলৰ সহস্ৰাধিক সমৰ্থকে। এই পৰ্য্যন্ত লাভ কৰা তথ্য অনুসৰি বিজেপি ১১, কংগ্ৰেছে ২ খন আসন লাভ কৰিছে। 

৯৩ খন গাঁও পঞ্চায়তৰ বাবে অনুষ্ঠিত হোৱা ভোট গণনা আজি বিয়লি ভাগলৈকে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। 

Comments
Loading...