উপহাৰ নহয়, দৰা কইনাক লাগে বিজেপিৰ ভোট!

0 168

ডিজিটেল ডেস্কঃ আমাক উপহাৰ নালাগে, লাগে বিজেপিৰ ভোট। এনেধৰণৰ বিয়াৰ কাৰ্ডক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত চছিয়েল মিডিয়াত ভাইৰেল হোৱা বিয়াৰ নিমন্ত্ৰণী কাৰ্ডত ছপা হোৱা বিজেপিৰ হৈ প্ৰচাৰ চলোৱা দৃশ্যই ব্যাপক চৰ্চা লাভ কৰিছে। 

এইখন দাৱাল আৰু জয়াৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰ। গুজৰাটৰ চুৰটত সম্পন্ন হোৱা এই বিবাহখনৰ নিমন্ত্ৰণী পত্ৰত দৰা-কইনাৰ পিতৃ-মাতৃয়ে অতিথিক নিমন্ত্ৰণ জনোৱাৰ লগতে তলত উল্লেখ কৰিছে- ‘লোকসভা নিৰ্বাচনত আপুনি যদি বিজেপিক ভোটদান কৰে, তেন্তে সেয়াই আমাৰ বাবে আপোনাৰ উপহাৰ আৰু আশীৰ্বাদ হ’ব।’ এইখন বিবাহৰ নিমন্ত্ৰণী পত্ৰ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এইখনো এখন বিজেপি সমৰ্থকৰে বিয়াৰ নিমন্ত্ৰণী পত্ৰ। ভূষণ ব্ৰাণচন নামৰ এই বিজেপি সমৰ্থকজনৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰত মোদীৰ কাৰ্যকালৰ খাতিয়ান দাঙি ধৰাৰ লগতে কোৱা হৈছে- ‘অনুগ্ৰহ কৰি বিজেপিক জয়যুক্ত কৰাই মোৰ বিবাহ সাৰ্থক কৰে।’ যেন এইগৰাকী সমৰ্থকে নিজৰ বাবে নহয়, বিজেপিৰ স্বাৰ্থতহে বিবাহ পাশত আবদ্ধ হ’ব ওলাইছে।

অহা ১০ ফেব্ৰুৱাৰী, দেওবাৰে মংগোলৰত বিবাহ পাশত আবদ্ধ হ’ব নিহাল আৰু অংকিতাই। ইতিমধ্যে তেওঁলোকৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ ছপা কৰি পিতৃ-মাতৃয়ে অতিথিক নিমন্ত্ৰণ জনোৱা আৰম্ভ কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে, এইখন বিয়াতো দৰা-কইনাৰ উচৰ্গা হিচাপে বিচৰা হৈছে বিজেপিক ভোট।

এনে বিয়াৰ নিমন্ত্ৰণী পত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দল। একে অদ্ভূত নিৰ্বাচনী প্ৰচাৰৰ মাজেৰে বিজেপি সমৰ্থকে বিয়াৰ নিচিনা এক পবিত্ৰ বান্ধোনক অপমান কৰা বুলিও একাংশই মত ব্যক্ত কৰিছে।

Comments
Loading...