নাইজেৰিয়ান ফুটবল খেলুৱৈৰ দ্বাৰা চাবুৱা গ্ৰাম্যাঞ্চলত প্ৰশিক্ষণ

0 270

চাবুৱা লাইভ : ভাৰতৰ বিভিন্ন ফুটবল খেলুৱৈৰ দলৰ হৈ অংশগ্ৰহণ কৰি সুনাম অৰ্জনৰে ফুটবল প্ৰেমীক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰতো প্ৰশিক্ষণ প্ৰদান কৰি আহিছে সুদূৰ নাইজেৰিয়ান খেলুৱৈ চানদেই অগৰে । অলপতে নগাঁও জিলাত প্ৰশিক্ষণ সামৰি চাবুৱা ক্ৰীড়া সন্থাৰ সভাপতি তথা ক্ৰীড়া সংগঠন মৃদুল ৰাজখোৱাৰ তত্বাৱধানত ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ গ্ৰাম্যাঞ্চল সমূহত চানদেই এ প্ৰশিক্ষণ প্ৰদান কৰিব । ৮ আগষ্টত চেতিয়া গাঁৱৰ সুৰ্যোদয় সংঘৰ উদ্যোগত আয়োজিত প্ৰশিক্ষণ এটি আৰম্ভণি কৰে ৰাজখোৱাই লগতে চানদেই প্ৰথমটো প্ৰশিক্ষণ প্ৰদান কৰি খেলুৱৈ সকলৰ মাজত তিনিঘণ্টা সময় কটায়। জেষ্ঠ খেলুৱৈ আৰু সমাজ কৰ্মী লাচিত মাউতে এখনি ফুলাম গামোচাৰে সম্ভৰ্ধনা জনাই গ্ৰাম্যাঞ্চলৰ উঠি অহা প্ৰজন্মক উপযুক্ত প্ৰশিক্ষণ লাভ কৰিব বুলি আশা ব্যক্ত কৰে। চেতিয়া গাঁৱত ১২ বছৰ বয়সৰ পৰা ১৫ বছৰ বয়সলৈকে প্ৰায় ৭০ জন প্ৰশিক্ষাথীয়ে উক্তিদিনা অংশগ্ৰহণ কৰে। ইয়াৰ সমান্তৰাল ভাৱে চাবুৱা ক্ৰীড়া সন্থাৰ খেলপথাৰ, পুলুঙা গাঁও, চেতিয়া পথাৰ, জেৰাই গাঁও, কলিয়াপানী, জানমুখ আৰু পানীতোলা আদিতো প্ৰশিক্ষণ প্ৰদান কৰিব প্ৰশিক্ষক গৰাকীয়ে । বিগত সময়ত চাবুৱাৰ ত্ৰিনয়নজ্যোতি এফ চি ৰ হৈ অসম প্ৰিমিয়াৰ ফুটবল লীগত চানদেই অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল আৰু তেতিয়াৰ পৰাই উদীয়মান খেলুৱৈ সকলে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰি আহিছে। তত্বাৱধায়ক মৃদুল ৰাজখোৱাই কয় অসমৰ লগতে চাবুৱাত বহু খেলুৱৈ আছে কিন্তু উপযুক্ত প্ৰশিক্ষণৰ প্ৰযোজন হেতু পদক্ষেপ হাতত লোৱা হয় । একাগ্ৰতা, শ্ৰম, ত্যাগ, স্বাস্থ্যসন্মত বিধি আৰু খেলৰ প্ৰকৃত নীতি নিয়মেই একোজন খেলুৱৈ গঢ় দিয়ে বুলি অগৰেও মন্তব্য প্ৰদান কৰে। ভাৰতবৰ্ষৰ লগতে অসমৰ মানুবোৰ মৰমীয়াল বুলি উল্লেখ কৰি কয় যিদৰে ৰাইজে আদৰ সম্ভাষণ যাচি আহিছে তাক লয় সদায় সুখী ।

Comments
Loading...