মুখ্যমন্ত্ৰীৰ আজি দিন বেয়া

0 362

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ৷ শিলচৰত অনুষ্ঠিত হোৱা বিজেপিৰ এখন জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিধেয়কখন গৃহীত হ’ব বুলি কৰা মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠন৷ আনকি মুখ্যমন্ত্ৰীৰ গৃহ চহৰতে বিধেয়কখনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে৷ ইয়াৰ মাজতে আজি ডিব্ৰুগড় গৃহ চহৰলৈ অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল গণ বিক্ষোভৰ সন্মুখীন হ’বলগীয়া হ’ল৷ ডিব্ৰুগড় চৌকিডিঙ্গি খেলপথাৰত অনুষ্ঠিত হৈ থকা সদৌ অসম আহোম সভাৰ ৬১ সংখ্যক অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ আহিছিল মুখ্যমন্ত্ৰী সোনোৱাল৷ কিন্তু মুখ্যমন্ত্ৰী সোনোৱালক প্ৰতিবাদকাৰীসকলে চৌকিডিঙ্গি খেলপথাৰৰ প্ৰৱেশদ্বাৰতে ক’লা পতাকা প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ইয়াৰ সমান্তৰালভাৱে প্ৰায় দুই সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আহোম সভাৰ অধিৱেশনত অংশগ্ৰহণ কৰিয়েই চাবুৱাৰ মোলোক গাঁওস্থিত বাসগৃহলৈ ৰাওনা হয়৷ কিন্তু গৃহ নগৰতো প্ৰৱল প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হ’ল মুখ্যমন্ত্ৰী সোনোৱাল৷ ভাৰতৰ যুৱ ফেডাৰেছ, গণতান্ত্ৰিক ছাত্ৰ ফেডাৰেছনকে ধৰি কেইবাটাও সংগঠনে মুখ্যমন্ত্ৰীৰ কনভয়ৰ সন্মুখতে সাব্যস্ত কৰে প্ৰতিবাদ৷ প্ৰতিবাদকাৰীসকলে ‘মুখ্যমন্ত্ৰী গ’ বেক’, ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ’, ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল হুঁচিয়াৰ’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোল৷

যি কি নহওঁক প্ৰধানমন্ত্ৰীৰ ঘোষণাক সমৰ্থন জনাই হাত চাপৰি মাৰি বিপদত পৰিছে মুখ্যমন্ত্ৰী সোনোৱাল৷ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণৰ আঢ়ৈ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে প্ৰতিবাদৰ সন্মুখীন হ’ল সোনোৱাল৷ কোনোৱে ক’ব বিচাৰে মুখ্যমন্ত্ৰীৰ আজি দিন বেয়া৷

Comments
Loading...