অসমবাসীৰ প্ৰতিবাদক নস্যাৎ বিজেপি চৰকাৰৰ

0 114

ডিজিটেল ডেস্কঃ লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ উত্থাপন। কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে উত্থাপন কৰে বিধেয়কখন। বিধেয়কখন গৃহীত কৰিবলৈ বদ্ধপৰিকৰ কেন্দ্ৰীয় চৰকাৰ। অধিৱেশনৰ অন্তিম দিনা ততাতৈয়াকৈ উত্থাপন কৰিলে বিধেয়কখন। ধ্বনিভোটত গৃহীত হ’ব জাতিধ্বংসী বিধেয়কখন। বিতৰ্কিত বিধেয়কখন উত্থাপনৰ পিছতে কংগ্ৰেছৰ সদন ত্যাগ। বিধেয়কখন পুনৰ ছিলেক্ট কমিটীলৈ প্ৰেৰণ কৰাৰ দাবী। বিধেয়কখনৰ বিৰোধিতা তৃণমূল কংগ্ৰেছৰ। সংসদত বিধেয়কখনৰ বিৰোধিতা কৰে জ্যেষ্ঠ সাংসদ সৌগত ৰয়ে। বিধেয়কখন গৃহীত হ’লে অসমত জুই জ্বলিব বুলি মন্তব্য।

শীঘ্ৰে বিধেয়কখন বাতিলৰ দাবী ৰয়ৰ। দেশক ভাগ ভাগ কৰিব নাগৰিকত্ব সংশোধনী বিধেয়কে। আফগানিস্তান, পাকিস্তানৰ পৰা বিদেশী অনাত আপত্তি নাই, কিন্তু বাংলাদেশক এই বিধেয়কৰ পৰা বাদ দিব লাগিব বুলিও মন্তব্য সৌগত ৰয়ৰ। সৌগত ৰয়ৰ মন্তব্যৰ বিৰোধিতা বিজেপি সাংসদ বিজয়া চক্ৰৱৰ্তীৰ।

Comments
Loading...