জনজাতিকৰণৰ বিধেয়কক আঁদৰণি ড০ হিমন্ত বিশ্ব শৰ্মাৰ

0 150

ডিজিটেল ডেস্কঃ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনক আদৰণি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম চুক্তিৰ ৬নং অনুচ্ছেদ, সাংবিধানিক মৰ্যাদা প্ৰদান আৰু ৬ জনগোষ্ঠীক জনজাতিকৰণৰ ঐতিহাসিক সিদ্ধান্তৰে প্ৰধানমন্ত্ৰী মোদীয়ে অসমক খিলঞ্জীয়াৰ এক অভেদ্য দুৰ্গলৈ পৰিৱৰ্তন কৰিলে বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকী।

ইফালে, এই সিদ্ধান্তৰ বাবে টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ‘জাতি-মাটি-ভেটি’ ৰক্ষা আৰু খিলঞ্জীয়াৰ হকে কাম কৰাৰ বাবে আমাৰ দায়বদ্ধতা পুনৰ প্ৰতীয়মান হ’ল বুলি টুইটাৰত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

Comments
Loading...