প্ৰথম অসমীয়া তাৰ পিছতহে সাংবাদিকঃ সোণাৰিত সাংবাদিক নামিল প্ৰতিবাদত

0 178

ডিজিটেল ডেস্কঃ হাতৰ কলম এৰি পথৰ দাঁতিত বহিল সাংবাদিকৰ দল। চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ এদল সংবাদকৰ্মীয়ে পথৰ দাঁতিত বহি আজি প্ৰতিবাদ সাব্যস্ত কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক। উল্লেখ্য যে, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠাৰ সময়তে আজি সোণাৰিতো প্ৰতিবাদ সাব্যস্ত কৰিলে সাংবাদিক-সমাজকৰ্মীৰ দলে।

সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ কেন্দ্ৰীয় পত্ৰিকা সম্পাদক অভিজিৎ ভূঞা, চৰাইদেউ প্ৰেছ গীল্ডৰ প্ৰাক্তন সম্পাদক মিতুপৰ্ণ গগৈ, সোণাৰি প্ৰেছ ক্লাবৰ সম্পাদক হানচেং কোঁৱৰৰ উদ্যোগত সোণাৰি নগৰৰ মাজমজিয়াত অৱস্থিত লাচিত উদ্যানৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে জাতিধ্বংসী বিধেয়কৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰীসকলে।

প্ৰথমতে অসমীয়া তাৰ পিছতহে সাংবাদিক শীৰ্ষক প্লেকাৰ্ড প্ৰদৰ্শন কৰি অসম আৰু অসমীয়া বিৰোধী কোনো কাৰ্যক কেতিয়াও সমৰ্থন কৰা নহ’ব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে। দিনৰ চাৰে এঘাৰ বজাৰপৰা একাংশ সংবাদকৰ্মীৰ উদ্যোগত আৰম্ভ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত টাই আহোম যুৱ পৰিষদ, টাই আহোম মহিলা পৰিষদ অসমৰ সোণাৰি আঞ্চলিক সমিতি, কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে বহুকেইগৰাকী সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে।

Comments
Loading...