অসামাজিক কাৰ্যকলাপে ছানি ধৰিছে ভাৰধৰা গাঁৱত

0 228

কল্পজ্যোতি দাস, চাবুৱাঃ চাবুৱা অঞ্চলৰ কাজিখোৱা সমীপৰ ভাৰধৰা গাঁৱত এতিয়া চলিছে মদ, ভাং, জুৱাৰ আড্ডা। গাঁওখনৰ বহু সংখ্যক মানুহৰ ঘৰতে চুলাই মদৰ অবৈধ ভাটিৰ লগত ঠায়ে ঠায়ে ভাং আৰু জুৱাৰ আড্ডা চলে। এনে বৰবিহৰ পৰা পৰিত্ৰাণ পাবলৈ গাঁৱৰ মহিলাসকলে পূৰ্বৰে পৰা আৰক্ষী প্ৰশাসনক অবগত কৰিছিল যদিও আজিলৈকে কোনো ধৰণৰ সঁহাৰি নাপালে ৰাইজে।

যোৱা ৭ জানুৱাৰীত ভাৰধৰা বাসিন্দা ললিতা দাসে নিজৰ স্বামীক মদৰ ভাটিত বিছাৰি যাওতে দিগন্ত গগৈ আৰু বাবুলি গগৈ নামৰ দুজন লোকে মহিলা গৰাকীক শাৰিৰীকভাৱে প্ৰসাৰ কৰে। মহিলা গৰাকীয়ে চাবুৱা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও বৰ্তমানলৈ প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাই।

Comments
Loading...