বিদেশীৰ বোজা কেৱল অসমে ল’ব নালাগেঃ ৰাজনাথ সিং

0 183

ডিজিটেল ডেস্কঃ বিদেশীৰ বোজা কেৱল অসমে ল’ব নালাগে। কেৱল অসম আৰু উত্তৰ–পূবৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক নহয়। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ বিবৃতি। আমি অসম চুক্তি কাৰ্যকৰী কৰাৰ পদক্ষেপ লৈছো বুলিও বিবৃতিত উল্লেখ গৃহ মন্ত্ৰীৰ।

বিধেয়কখনক লৈ অসম আৰু উত্তৰ–পূবৰ ৰাইজৰ মাজত আশংকা আছে। উত্তৰ–পূবৰ সকলো মুখ্যমন্ত্ৰীৰে আলোচনাত বহিব গৃহ মন্ত্ৰী। ৩ ৰাষ্ট্ৰৰ উৎপীড়নৰ বলি হোৱাসকলক আমি নাগৰিকত্ব দিম বুলি বিবৃতিত উল্লেখ গৃহ মন্ত্ৰীৰ। ৬ জনগোষ্ঠীক জনজাতিকৰণৰ পদক্ষেপৰ কথাও উল্লেখ। উত্তৰ–পূবৰ আইন–শৃংখলা নিয়ন্ত্ৰণত আছে বুলিও মন্তব্য ৰাজনাথ সিঙৰ।

Comments
Loading...