চৰাইদেউত অব্যাহত প্ৰতিবাদঃ চাওক ভিডিঅ’

0 134

ডিজিটেল বিশেষ সংবাদ, চৰাইদেউঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সোণাৰিত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে।

সোণাৰি বিধান সভা সমষ্টি যুৱ কংগ্ৰেছ সমিতি আৰু চৰাইদেউ জিলা ইয়ং ব্ৰিগেড সেৱা দল আৰু চৰাইদেউ জিলা এনএচইউআইৰ সৌজন্যত সোণাৰিৰ লাচিত উদ্যানত ৰূপায়ণ কৰিলে এই কাৰ্য্যসূচী।

কংগ্ৰেছ নেতা সুশান্ত বৰগোহাঁই, চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি পবিত্ৰ শইকীয়া, যুটীয়া সম্পাদকদ্বয় উৎপল গগৈ আৰু অনুজ বৰকটকীৰ নেতৃত্বত যথেষ্ট সংখ্যক কংগ্ৰেছীৰ অংশ গ্ৰহণ এই কাৰ্যসূচীত।

ইফালে চৰাইদেউ জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান সোণাৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদ সাৱ্যস্ত কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত।

মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী সকলে মহাবিদ্যালয়খনৰ প্ৰৱেশদ্বাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাৱ্যস্ত কৰে।

Comments
Loading...