কংগ্ৰেছক সন্দেহ নকৰিবঃ ভট্টাচাৰ্য

0 125

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছে আন্তৰিকতাৰে কাম কৰিছে। কংগ্ৰেছৰ ভূমিকাৰ ওপৰত সন্দেহ নকৰিব।- এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ। সংবাদমেলত লগতে ভট্টাচাৰ্যই কয় যে, প্ৰয়োজন সাপেক্ষে বিধেয়কখনৰ বিৰুদ্ধে যিকোনো পদক্ষেপ লবলৈ কংগ্ৰেছ সাজু।

অসম আৰু অসমীয়াৰ প্ৰতি বিজেপিৰ কোনো সদিচ্ছা নাই। বিজেপিয়ে শেহতীয়াকৈ জিন্না আৰু বদৰুদ্দিনৰ নাম লৈ নতুন মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে বুলিও কয় ভট্টাচাৰ্যই। নগ্ন হৈ প্ৰতিবাদ কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক। বিজেপিৰ নিকৃষ্ট ৰাজনীতিৰ বাবেই অসম আৰু উত্তৰ–পূৰ্বাঞ্চল আজি অগ্নিগৰ্ভা বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে।

Comments
Loading...