জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ৰাজপথত নামিল ৰঙিয়াৰ শিক্ষাৰ্থী

0 84

চফিকুল আহমেদ, ৰঙিয়াঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধেচ চৌদিশে অব্যাহত আছে প্ৰতিবাদ। এইবাৰ প্ৰতিবাদত নামিল ৰঙিয়া মহাবিদ্যালয়। মহাবিদ্যালয়খনৰ ছাত্র সমাজৰ প্ৰতিবাদ। মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে শ্ৰেণী বৰ্জন কৰি মহাবিদ্যালয়ৰ সন্মুখত কৰিলে ২ ঘণ্টীয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰীসকলে ‘বাংলাদেশী ৰক্ষক হুঁচিয়াৰ’, ‘ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ নচলিব’, ‘অসম চুক্তিক অৱমাননা কৰা ৰক্ষা নাই’ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে আগন্তুক সময়ত ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে।

Comments
Loading...