দিল্লীত উলংগ প্ৰতিবাদ কৰা সংগ্ৰামী দলক আদৰণি

নাগৰিকত্ব সংশোধনী বিধেয়েকৰ বিৰুদ্ধে সোণাৰিৰ পৰা দৌৰি প্ৰতিবাদ জনোৱা উমেশকো আদৰণি দল সংগঠনৰঃ ৰাজপথ অৱৰোধ কৰি গীতেৰে শিল্পীৰ প্ৰতিবাদ

0 281

ডিজিটেল বিশেষ সংবাদ, চৰাইদেউঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যতে উত্তাল প্রতিবাদী কাৰ্য্যসূচী অব্যাহত থকা সময়তে এক নজিৰ বিহীন প্ৰতিবাদে যোৱা সাত জানুৱাৰীত কঁপাই তুলিছিল দেশৰ ৰাজধানী নতুন দিল্লী, চাঞ্চল্য সৃষ্টি কৰিছিল সমগ্ৰ দেশ। দিল্লীৰ সংসদ ভৱনৰ সমীপত উলংগ প্ৰতিবাদ কৰি দিল্লী কঁপাই তোলা নগ্ন প্ৰতিবাদী দলটো আজি গৃহ জিলা চৰাইদেউৰ সদৰ সোণাৰি নগৰত উপস্থিত হোৱাৰ পাছতে বিভিন্ন দল সংগঠনে বিপুল ভাবে আদৰণি জনায়।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক ১৬ বাতিলৰ দাবীত যোৱা সাত জানুৱাৰীত দিল্লীৰ সংসদ ভৱনৰ সন্মুখত অসমৰ ৭০ টা দল সংগঠনক প্ৰতিনিধিত্ব কৰি ১৪জনে লোকে উলংগ প্ৰতিবাদেৰে দেশৰ ইতিহাসত এক নজিৰ বিহীন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল। জাতীয় অস্তিত্ব বিপন্ন কৰিবলৈ বিচৰা কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে কৰা আন্দোলনত ১৪ জন উলংগ প্ৰতিবাদীৰ ভিতৰত টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ আঠ জনকৈ যুৱকে উলংগ হৈ নিজৰ গোপনীয়তাকো আনৰ আগত প্ৰদৰ্শন কৰি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰি আজি গৃহ জিলা চৰাইদেউৰ সদৰ সোণাৰিত উপস্থিত হোৱাৰ পাছতেই নগৰৰ মাজ মজিয়াৰ লাচিত উদ্যানত সোণাৰিৰ বিভিন্ন দল সংগঠনে বিপুল আদৰণি জনায়।

দলটোক নেতৃত্ব দিয়া টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লোহিত গগৈৰ লগতে প্ৰতিবাদ কৰা মৃদুল বাইলুং,নৱদ্বীপ বৰুৱা,ৰিবুল বুঢ়াগোহাঁই, ক্ষীৰোদ ৰাজকোৱঁৰ,পাৰ্থ ৰাজকোৱঁৰ,মুনদ্বীপ চাংমাই, জয়ন্তজিৎ হাজৰিকা, ধ্ৰুৱজ্যোতি গগৈ,সুৰজিৎ টিপমীয়া সোণাৰিত উপস্থিত হোৱাত উষ্ম আদৰণি জনাই দল সংগঠনৰ লগতে স্থানীয় ৰাইজে। মন কৰিবলগীয়া যে লোকসভাত যুটীয়া সংসদীয় সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বে অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিয়ে সংসদ ভৱনৰ সন্মুখত এনেদৰে নগ্ন হৈ প্ৰতিবাদ সাৱ্যস্ত কৰাৰ পাছতে তাৎপৰ্য্যপূৰ্ণ ভাবে ৰাজ্যত সলনি হয় প্ৰতিবাদৰ ভাষা।

জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে উমি উমি জ্বলি থকা জুইকৰা যেন স্পষ্ট হৈ উঠে। ইফালে যোৱা ২৬ ডিচেম্বৰত সোণাৰিৰ লংপতীয়াৰ পৰা গুৱাহাটীলৈ দৌৰি নাগৰিকত্ব সংশোধনী বিধেয়েকৰ বিৰোধিতা কৰা উমেশ বুঢ়াগোহাঁইকো আজি দল সংগঠনে আদৰণি জনায়।

আনহাতে প্ৰতিবাদী দলটোক আদৰণি জনোৱাৰ পাছতেই দল সংগঠনৰ সহযোগত উজনি অসমৰ জনপ্ৰিয় শিল্পী মণিকাঞ্চন আহোমে ঐতিহাসিক ধোদৰ আলি অৱৰোধ কৰি গীতেৰে নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ তীব্ৰ বিৰোধিতা জনায়।

ইপিনে আগন্তুক দিনত কেন্দ্র অথবা ৰাজ্য চৰকাৰে অসম আৰু অসমীয়া জাতীয় অস্তিত্ব বিপন্ন কৰিবলৈ বিচাৰিলে যিকোনো মূল্যৰ বিনিময়ত জাতিদ্ৰোহী কাৰ্যাকলাপক প্ৰতিহত কৰিবলৈ সংগ্ৰাম অব্যাহত ৰাখিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

Comments
Loading...