সহস্ৰাধিক জনতাৰ প্ৰতিবাদত উত্তাল ডিব্ৰুগড়

0 140

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ গৃহ চহৰত আজিও অব্যাহত আছে প্ৰতিবাদ। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ প্ৰতিবাদত ৭০ সংগঠনৰ নেতৃত্বত প্ৰতিবাদত নামিল হাজাৰ হাজাৰ জনতা। নেছ’ৰ উদ্যোগত আছুৱে আহ্বান জনোৱা ১১ ঘন্টীয়া অসম বন্ধত ডিব্ৰুগড় জিলা বিজেপিৰ কাৰ্যালয়ৰ আচবাব লণ্ডভণ্ড কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৮ জন প্ৰতিবাদকাৰীক বিনা স্বৰ্তে মুক্তিৰ দাবীত ৭০ সংগঠনৰ নেতৃত্বই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ডিব্ৰুগড় পুৰণি হাইস্কুল খেলপথাৰৰ পৰা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে চহৰখনৰ মানকটা পথেৰে জিলা উপায়ুক্ত কাৰ্যালয় অভিমুখে এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

আনহাতে প্ৰতিবাদকাৰী দলটোৱে ‘মুখ্যমন্ত্ৰী হায় হায়’, ‘অসম চৰকাৰ হুচিয়াৰ’, নৰেন্দ্ৰ মোডী হুচিয়াৰ’, ‘ইনক্লাৱ জিন্দাবাদ’, ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’ আদি শ্লোগানেৰে ডিব্ৰুগড় চহৰৰ আকাশ-বতাহ কঁপাই তোলে। ইপিনে প্ৰতিবাদকাৰীসকলে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত কিছু সময়ৰ বাবে ধৰ্ণা দিয়াৰ অন্ততঃ জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অতিৰিক্ত জিলা উপায়ুক্ত ৰুনাভ ৰামচিয়াৰীয়ে স্মাৰকপত্ৰ খন গ্ৰহণ কৰি বিষয়টোৰ সন্দৰ্ভত জিলা উপায়ুক্ত আৰু আৰক্ষী প্ৰশাসনৰ সৈতে আলোচনা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

উল্লেখযোগ্য যে, ৮ জানুৱাৰীত আছুৱে আহ্বান জনোৱা অসম বন্ধক পূৰ্ণ সমৰ্থন জনাই ডিব্ৰুগড় জিলা বিজেপিৰ কাৰ্যালয়ৰ আচবাব লণ্ডভণ্ড কৰাৰ অভিযোগত ১৪ গৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ইয়াৰে ১০ গৰাকী প্ৰতিবাদকাৰীক জেললৈ প্ৰেৰণ কৰাৰ বিপৰীতে ৪ জনক বিনাস্বৰ্তে মুকলি কৰি দিয়ে। সম্পূৰ্ণ পক্ষপাতমূলকভাৱে আৰক্ষীয়ে জেললৈ প্ৰেৰণ ১০ জন লোকক বিনা স্বৰ্তে মুক্তি দিয়াৰ বাবে স্মাৰক পত্ৰখনৰ জৰিয়তে দাবী জনাইছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি প্ৰদীপ হালৈয়ে প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰি কয় যে, জাতিৰ ৰক্ষাৰ স্বাৰ্থত আন্দোলন কৰিবলৈ অহা লোকসকলক যদি এইদৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে তেন্তে, অনাগত দিনত জেল ভৰোঁ কাৰ্যসূচী ল’বলৈ বাধ্য হম। আজি আমি আৰক্ষী প্ৰশাসনক ঘৃণাৰে উপচাই দিছো।

অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা সতীৰ্থসকলক মুকলি কৰি দিবলৈ দাবী জনাইছো। সৰ্বানন্দ সোনোৱাল আৰু নৰেন্দ্ৰ মোডীয়ে শাসন চলাব নোৱাৰিলে অসমীয়া ৰাইজৰ ওচৰত শাসনভাৰ এৰি দিয়ক।’ প্ৰতিবাদী কাৰ্যসূচীত নাগৰিকত্ব সংশোধনী বিৰোধী মঞ্চৰ অন্যতম আহ্বায়ক শৰৎ চন্দ্ৰ নেওগে আৰক্ষীয়ে পক্ষপাতমূলক নীতি গ্ৰহণ কৰা কাৰ্যক তীব্ৰ গৰিহণা দি কয় যে, উক্ত দিনা চাৰিজন চক্ৰান্তকাৰীয়ে এই কাণ্ড সংঘটিত কৰা হৈছিল। ১৪ জনৰ ভিতৰত ৪ গৰাকী ব্যক্তিক মাত্ৰ এটা ফোন কলতে আৰক্ষীয়ে এৰি দিয়া হৈছিল। ইতিমধ্যে তেওঁলোকক জামিনবিহীন ধাৰা প্ৰয়োগ কৰিছে।

Comments
Loading...