শ্ৰেণী কোঠা বৰ্জন কৰি শিক্ষাৰ্থীয়ো নামিল প্ৰতিবাদত

0 106

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই কানৈৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী। জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়, ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়, মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে ডিব্ৰুগড়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মহাবিদ্যালয় তিনিখনৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে ক’লা পতাকা লৈ তিনি মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ নেতৃত্বত আজি চহৰখনৰ কেশৱ চন্দ্ৰ গগৈ পথৰ পৰা সমদল কৰি আহি থানা চাৰিআলিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে মানৱ শৃংখল মাধ্যমেৰে বিধেয়কখনক তীব্ৰ বিৰোধিতা কৰে। প্ৰতিবাদকাৰীসকলে ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ’, ‘মুখ্যমন্ত্ৰী লেই লেই ছেই ছেই’, ‘বিজেপি চৰকাৰ হুচিয়াৰ’, ‘সৰ্বানন্দ সোনোৱাল গ’ বেক,’ ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’, ‘জয় আই অসম’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে চহৰখনৰ থানা চাৰিআলিৰ মাজমজিয়াত টায়াৰ জ্বলাই পৰিস্থিতি উত্তপ্ত কৰি তোলে।

ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি বিকাশ মিচঙে প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব প্ৰদান কৰি কয় যে, কোনোপধ্যে জাতিধ্বংসী বিধেয়কখন মানি লোৱা নহ’ব। এই বিধেয়কখনে অসমৰ ভাষা, কৃষ্টি-সংস্কৃতিলৈ ভাবুকি নামি আনিব। জাতি, মাটি আৰু ভেঁটি সুৰক্ষাৰ শ্লোগানেৰে শাসনৰ গাদী দখল কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জাতিধ্বংসী বিধেয়কখনৰ সন্দৰ্ভত গ্ৰহণ কৰা মৌনতাক ধিক্কাৰ জনাইছো। তেওঁ আচলতে জাতীয় নায়ক নহয়, জাতীয় খলনায়ক আখ্যাহে পাব লাগিছিল।

ইপিনে প্ৰায় দুই ঘন্টা ধৰি চলা প্ৰতিবাদৰ ফলত মানকটা, এইচ এছ ৰোড আৰু কে চি গগৈ পথত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। ইয়াৰ প্ৰতিবাদকাৰী ছাত্র-ছাত্ৰীৰ দলটোৱে পুনৰ কে চি গগৈ পথেৰে উভতি আহি প্ৰতিবাদী কাৰ্যসূচী সম্পন্ন কৰে।

Comments
Loading...