বন্ধৰ প্ৰভাৱ নপৰিল চৰাইদেউঃ জনগোষ্ঠীয় সংগঠনৰ নেতাৰে খণ্ডযুদ্ধ বন্ধ সমৰ্থকৰ, চাওক ভিডিঅ’

0 184

ডিজিটেল বিশেষ সংবাদ, চৰাইদেউঃ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে আজি জনজাতীয় সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ নপৰিল চৰাইদেউ জিলাত। উল্লেখ্য যে চৰকাৰে অসমৰ প্ৰকৃত জনজাতিসকলক সকলো প্ৰকাৰে নিঃশেষ কৰাৰ ষড়যন্ত্রত লিপ্ত হোৱাৰ অভিযোগ তুলি আজি জনজাতি যুটীয়া সংঘই আহ্বান কৰিছিল ১২ ঘন্টীয়া অসম বন্ধৰ কাৰ্যসূচী।

ইপিনে আজি পুৱাৰ ভাগত চৰাইদেউ জিলাৰ সদৰ সোণাৰিত বন্ধৰ সমৰ্থক আৰু জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মীৰ মাজত বন্ধক লৈ সৃষ্টি হয় খণ্ডযুদ্ধ। ট্ৰাইবেল সংঘ আৰু জনজাতীয় সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা অসম বন্ধত দোকান-পোহাৰ আদি বন্ধ কৰিবলৈ অহা বন্ধ সমৰ্থকে টাই আহোম যুৱ পৰিষদ অসম, সদৌ টাই আহোম ছাত্ৰ সন্থা, আহোম সেনা আদি জনগোষ্ঠীয় সংগঠনৰ লগত সংঘাতত লিপ্ত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সোণাৰি নগৰত। পিছত সোণাৰি আৰক্ষীৰ লোক আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুগৰাকী বন্ধ সমৰ্থকক আটক কৰে।

ইপিনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত বাতিলৰ দাবীত আহ্বান দিয়া অসম বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত নহ’ল সমগ্ৰ জিলাখনতে। যান-বাহন চলাচলকে ধৰি দোকান-পোহাৰ আদি খোলা থকাৰ লগতে স্বাভাৱিক জীৱন যাত্ৰাও অব্যাহত থাকিল বন্ধৰ সময়ছোৱাত।

Comments
Loading...