মুখ্যমন্ত্ৰী সোণোৱাল লেইলেই-ছেইছেই ধ্বনিৰে উত্তাল লাহোৱাল

অনিদিষ্ট কাললৈ বৰ্জন ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ

0 742

দিবাকৰ দত্ত, লাহোৱালঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লেইলেই-ছেইছেই ধ্বনিৰে উত্তাল হ’ল লাহোৱাল। অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বলপূৰ্বক জাপি দিবলৈ কচৰৎ চলোৱা কেন্দ্ৰীয় চৰকাৰক হাঁহিমুখে সমৰ্থন জনোৱা জাতীয় নায়ক আখ্যা পোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতীয় খলনায়ক আখ্যা দি আজি সদৌ অসম ছাত্ৰ সন্থাৰ লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থা আৰু লাহোৱাল মহাবিদ্যালয় ছাত্র একতা সভাই আজি লাহোৱাল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল কৰক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্ল’গানেৰে প্ৰায় ঘন্টা সময় লাহোৱাল ঘেৰাও কৰি পৰিবেশ উত্তাল কৰি তোলে। আন্দোলনত অংশ লৈ লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ-সভাপতি বিদ্যুত বিকাশ গগৈয়ে কয় অবৈধ বাংলাদেশীক টালি-টোপোলা বান্ধিবলৈ আহ্বান জনোৱা মোডী চৰকাৰে এতিয়া অবৈধ বাংলাদেশীক টোপোলা খুলি থাকিবলৈ ব্যৱস্থা কৰিছে।
ইয়াক সহ্য কৰা নহ’ব। জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰী সোণোৱালৰ মৌনতা অসমৰ সকলো খিলঞ্জীয়া লোকৰ বাবে ক্ষতিকাৰক বুলিও তেওঁ মত প্ৰকাশ কৰে ।প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গানেৰে প্ৰায় তিনিঘন্টা সময় প্ৰতিবাদ সাব্যস্ত কৰে। আন্দোলনৰ কাৰ্যসূচীত অংশ লৈ লাহোৱাল মহাবিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক নয়ন কোৱৰে কয় গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা নুবুজা এইখন চৰকাৰৰ দিনতে আমি স্বাধীন অসম বিচৰাৰ বাহিৰে বিকল্প নাই৷ কেন্দ্ৰীয় চৰকাৰে অসমীয়াৰ প্ৰতিবাদৰ ভাষা বুজি নাপালে অসমীয়াই স্বাধীন অসম বিচৰাৰ বাদে কোনো বিকল্প নাই বুলি কয়৷

শৰীৰত অসমীয়া তেজ অথবা আই অসমীক ভালপোৱা প্ৰতিজন বিজেপিৰ বিধায়কক সোণোৱাল চৰকাৰৰ পৰা পদত্যাগ কৰি ৰাইজৰ পক্ষত থাকিবলৈ আহ্বান জনাই নেতাগৰাকীয়ে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধিক্কাৰ দিয়ে।উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত কৰি কেন্দ্ৰীয় চৰকাৰে সমগ্র অসমীয়া জাতিৰ অস্তিত্ব আৰু সংহতিক বিপদৰ মুখলৈ ঠেলি দিয়াৰ যি ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছে তাৰ প্ৰতিবাদত সমগ্র অসমৰ গণ বিক্ষোভ,প্ৰতিৰোধ ,প্ৰতিবাদ অব্যাহত থকাটো লাহোৱাল মহাবিদ্যালয়ৰ ছাত্র একতা সভাই গভীৰভাৱে অনুভৱ কৰিছে বুলি মত প্ৰকাশ কৰিছে বুলি লাহোৱাল মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ উপসভাপতি ৰূপজ্যোতি বুঢ়াগোহাঁইয়ে।বুঢ়াগোহাঁই কয় যে অসমীয়া ভাষা- কৃষ্টি অসমৰ প্ৰাকৃতিক সম্পদ, বিদেশীমুক্ত অসম,হিন্দুত্ববাদী সাম্পদায়ীকতা আগ্ৰাসন প্ৰতিৰোধ কৰা সাম্প্ৰতিক সময়ত আমাৰ সমুখত ঐক্যবদ্ধ প্ৰতিৰোধ সংগ্ৰামৰ বিকল্পৰ বাহিৰে অন্য একো পন্থা আমাৰ হাতত নাই।

সাংবাদিকৰ ফটো

অসমৰ সাতামপুৰুষীয়া ঐক্য সংহতি বিনষ্ট কৰি কেন্দ্ৰীয় চৰকাৰে ৮৫৫ জন শ্বহীদৰ তেজৰ মূল্যৰ বিনিময়ত হোৱা অসম চুক্তিক নস্যাং কৰি জোৰজুলুমকৈ অবৈধ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ জাপি দিবলৈ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাক আমি সৰ্বত্তে ধিক্কাৰ, গৰিহণা আৰু নিন্দা কৰিছো। আমি লাহোৱাল মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ লগতে মহাবিদ্যালয়ৰ সমূহ পৰিয়ালবৰ্গই সামূহিক ভাৱে বিধেয়কখনৰ প্ৰতিবাদত ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ অনিৰ্দিষ্ট কাললৈ বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰতিবাদী সভাত লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থা আৰু একতা সভাই মত পোষন কৰে।

Comments
Loading...