বিজেপি-আৰ এছ এছৰ সকলো ৰাজহুৱা অনুষ্ঠান বন্ধ কৰকঃ অখিল গগৈ

0 105

ডিজিটেল ডেস্কঃ ‘বিজেপি-আৰ এছ এছৰ সকলো ৰাজহুৱা অনুষ্ঠান বন্ধ কৰক। ৰাজহুৱা অনুষ্ঠানলৈ আমন্ত্ৰণ নজনাব বিজেপি-আৰ এছ এছৰ নেতাক।’

সংবাদমেলৰ জৰিয়তে এই আহ্বান কৃষক নেতা অখিল গগৈৰ। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কৰ্মচাৰী পৰিষদে কোনো কাৰ্যসূচী লোৱা দেখা নাই। অন্ততঃ এদিন হ’লেও কৰ্মবিৰতিৰে বিৰোধিতা কৰক কৰ্মচাৰী পৰিষদে। বাঙালীভাষী ৰাইজেও এই বিধেয়কৰ বিৰোধিতা কৰক। নহ’লে বিৰোধিতা কৰা নাই বুলি সদায় বদনাম থাকি যাব।- সংবাদমেলত এইদৰে ক’লে কৃষক নেতা অখিল গগৈয়ে।

Comments
Loading...