ভেলাঘৰত ক’লা পতাকা উত্তোলনৰ আহ্বান

0 101

ডিজিটেল ডেস্কঃ ‘এইবাৰ বিহুত যাতে প্ৰতিবাদ বন্ধ নকৰে অসমবাসীয়ে। নহ’লে সুবিধা ল’ব বিজেপিয়ে। ইতিমধ্যে ঘোষণা কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি।’
৭০টা সংগঠনৰ নেতৃত্বৰ সৈতে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৃষক নেতা অখিল গগৈৰ।

১৪ জানুৱাৰীৰ পূৰ্বে বিধেয়কৰ প্ৰতিলিপি দাহ কৰক। ভেলাঘৰৰ সন্মুখত গামোচা পতাকা উত্তোলন কৰক। ঘৰৰ সন্মুখত একোখনকৈ গামোচা আঁৰি দিয়ক। মেজি জুইয়ে বিধেয়কৰ প্ৰতিলিপি জ্বলাবলৈ দিয়া নাই, কাৰণ মেজি জুই পৱিত্ৰ বুলি মানে অসমীয়াই। মেজি জ্বলোৱা সময়ত বিধেয়ক বাতিলৰ শ্লোগান দিয়ক। লগতে বিহু পাতিবলৈ বিজেপি–আৰ এছ এছ নেতাৰ পৰা বৰঙণি নল’বলৈ আহ্বান কৃষক নেতা অখিল গগৈৰ।

Comments
Loading...