খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰে একত্ৰিত অসম সাহিত্য সভা

0 86

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অসম সাহিত্য সভাৰে একত্ৰিত হ’ল খিলঞ্জীয়া জনজাতীয় সাহিত্যসভাসমূহ৷ অসম সাহিত্য সভা ভৱনত এক বৈঠকত মিলিত হৈ এই সিদ্ধান্ত লয় জনজাতীয়-জনগোষ্ঠীয় সাহিত্য সভাসমূহে৷

অসম সাহিত্য সভাৰ সভাপতি ড৹ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত উপস্থিত থাকে বড়ো, বিষ্ণুপ্ৰিয়া মনিপুৰী, গাৰো, মিচিং, দেউৰী, ৰাভা, কাৰ্বি আৰু তিৱা সাহিত্য সভাৰ প্ৰতিনিধি৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰাপৰ্যন্ত বিধেয়কৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ঐক্যবদ্ধ সংগ্ৰামৰ হুংকাৰ দিয়ে সাহিত্য সভাই৷

১৯ জানুৱাৰীত মহানগৰীৰ দীঘলীপুখুৰী পাৰত ৰূপায়ণ কৰিব গণ অৱস্থান কাৰ্যসূচী। ১৪ জানুৱাৰীৰ ভিতৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাহিত্য সভাসমূহৰ সৈতে বৈঠকত মিলিত হোৱাৰ সময়সীমা দিয়ে সাহিত্য সভাই৷

Comments
Loading...