অসম ক্ৰিকেট সন্থাঃ ৰমেন দত্ত সভাপতি আৰু দেৱজিত শইকীয়া সম্পাদকৰূপে নিৰ্বাচিত

0 112

ডিজিটেল ডেস্কঃ ৰমেন দত্ত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে। ২১টা ভোট লাভ কৰি সভাপতি ৰূপে নিৰ্বাচিত হ’ল ৰমেন দত্ত। অসম ক্ৰিকেট সন্থাৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাস্ত হ’ল বৰ্তমানৰ সাধাৰণ সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই। মাত্ৰ ৯টা ভোটহে লাভ কৰে প্ৰদীপ বুঢ়াগোহাঁয়ে।

ইপিনে ২৪টা ভোট লাভেৰে উপ–সভাপতি ৰূপে নিৰ্বাচিত হ’ল পৰীক্ষিত দত্ত। উপ–সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰীতম কোঁৱৰে লাভ কৰে ছটা ভোট। ১৯টা ভোট লাভেৰে কোষাধ্যক্ষ ৰূপে নিৰ্বাচিত হ’ল ত্ৰিদিৱ কোঁৱৰ, প্ৰতিদ্বন্দ্বী পৰাভূত প্ৰকাশ ডেকাই লাভ কৰে ১১টা ভোট।

সাধাৰণ সম্পাদক ৰূপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ল দেৱজিত দত্ত। যুটীয়া সম্পাদক ৰূপে নিৰ্বাচিত কামাখ্যা শইকীয়া, এপেক্স কাউন্সিলৰ সদস্য ৰূপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ল চাইবল সেনগুপ্তা।

Comments
Loading...