ফেচবুকত অখিল গগৈৰ আহ্বান

0 230

বন্ধুসকল, পৰৱৰ্তী ৰাজ্যসভা অধিবেশনত নাগৰিকত্ব বিধেয়কখন গৃহীত হ’ব বুলি খবৰ আহিছে। বিজেপি বদ্ধপৰিকৰ। কংগ্ৰেছ দোধোৰ মোধোৰত। কঠিন স্থিতি ল’বলৈ আগবঢ়াৰ লক্ষণ নাই। কেৱল শেষলৈকে যুঁজি যোৱাৰ কথাহে কৈছে। অথচ কংগ্ৰেছে ৰাজ্যসভাত ৰখাই দিব পাৰে। আৰু এটা খবৰ। পৰৱৰ্তী অধিবেশনত ছয় জাতিৰ জনজাতিৰ বিধেয়কো উত্থাপন নহয়। খাটাং খবৰ। কেৱল নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনক বিভক্ত কৰিবলৈহে প্ৰস্তাৱ কৰিছিল।

সকলোৱে জনা ভাল যে জাতিৰ জাগৰণৰ বাবেহে অসম চুক্তি ৰূপায়ণ বা জনজাতিকৰণৰ কথা চৰকাৰে কৈছে। এনেকুৱা পৰিস্থিতিত আহক সকলোৱে নিজৰ দায়িত্ব পালন কৰো। বিহুত গাঁৱলৈ যাওঁতে গাঁওবাসীক বিধেয়কখনৰ বিৰুদ্ধে সজাগ কৰোঁ আহক। উৰুকাৰ দিনা ভেলাঘৰত গামোচা আঁৰি দিয়ক।

ঘৰে ঘৰে আঁৰক প্ৰতিবাদৰ গামোচা। মেজিৰ আগত লওক সংগ্ৰামৰ সংকল্প। বিধেয়কবিৰোধী আন্দোলনক সৰ্বাত্মক জাতি ৰক্ষাৰ আন্দোলনলৈ ৰূপান্তৰ কৰোঁ আহক। এইবাৰৰ মাঘ বিহু হওক জাতি ৰক্ষাৰ সংকল্পৰ উৎসৱ। আমি যুঁজিম, আমি জিকিম।

Comments
Loading...