ভোগালীৰ ভোজ এৰি অনশনত অখিল অখিল গগৈ

0 302

অখিল গগৈ। সংগ্ৰামী মনৰ ব্যক্তিজনক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰূপ দেখিবলৈ পোৱা যায়। খাটিখোৱা কৃষক-শ্ৰমিকৰ অধিকাৰৰ স্বাৰ্থত সৱল নেতৃত্বৰে অখিল গগৈয়ে চলাই আহিছে সংগ্ৰাম। দীৰ্ঘবছৰ ধৰি এই সংগ্ৰামখনক কোনো আপোচ নকৰাকৈ শক্তিশালী ৰূপত আগবঢ়াই নিছে অখিল গগৈয়ে। সেইবাবেই আজি তেওঁ সকলোৰে বাবে প্ৰিয়। প্ৰতিটো জাতীয় সমস্যাক লৈ সৰৱ ভূমিকা গ্ৰহণ কৰি আহিছে অখিল গগৈয়ে। বিলাসীতা জীৱন ত্যাগ কৰি সমাজখনৰ স্বাৰ্থত সৱল যুক্তিৰে মাত-মাতি আহিছে।

শেহতীয়াকৈ অসমৰ জাতীয় জীৱনৰ অস্তিত্বৰ প্ৰতি নামি আহিছে চৰম ভাবুকি। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি সৱল প্ৰতিবাদ অব্যাহত আছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে ধাৰাবাহিক প্ৰতিবাদ। সদলবলে ৰাজপথলৈ ওলাই আহিছে অসমীয়া ৰাইজ। জাতিৰ সংকটৰ সন্ধিক্ষণত আছু আৰু কৃষক মুক্তিৰ নেতৃত্বত চলিছে জোৰদাৰ আন্দোলন। যেন পুনৰ অসম আন্দোলনৰ উকমুকনিৰহে ইংগিত প্ৰদান কৰিছে। 

ইপিনে জাতিৰ অস্তিত্বৰ প্ৰতি নামি অহা সংকটৰ মাজতে আহি পালে অসমীয়াৰ চেনেহৰ ভোগৰ উৎসৱ ভোগালী বিহু। ৰাজ্যৰ চৌদিশে গীত, নৃত্যৰ গোমগোমনি। অৱশ্যে ইয়াৰ মাজতে জাতিধ্বংসী বিধেয়ক বিৰোধী আন্দোলন স্তব্ধ হোৱা নাই। ভেলাঘৰতো চলিছে প্ৰতিবাদ। উজনিৰ ভিন্ন স্থানত ভেলাঘৰত উৰুৱাইছে ক’লা পতাকা। কিন্তু ইয়াৰ মাজতে সম্পূৰ্ণ ব্যতিক্ৰমী প্ৰতিবাদ আৰম্ভ কৰিলে কৃষক নেতা অখিল গগৈয়ে।

উৰুকাৰ পুৱাৰে পৰা অখিল গগৈয়ে বহিছে আমৰণ অনশনত। ভোগালীৰ ভোজ বৰ্জন কৰিছে অকলেই অনশনত বহা অখিলৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। জাতিধ্বংসী বিধেয়ক বাতিল কৰাৰ দাবীত কৃষক নেতাজনৰ পদক্ষেপক আদৰনি জনাইছে ৰাজ্যবাসীয়ে। সেইবাবেই অখিল আজি অসমীয়া মানুহৰ আপোন। জাতিৰ স্বাৰ্থত সৰ্বস্ৰ ত্যাগ কৰিব পাৰে তেওঁ। অখিললৈ জনাইছো সংগ্ৰামী অভিবাদন।

Comments
Loading...