দিনটোৰ কেইটামান বিশেষ খবৰঃ পঢ়ক

0 103
  • ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মন্ত্ৰী পৰ্যায়ৰ কমিটী গঠন কেন্দ্ৰৰ।
  • বিজেপিৰে মিত্ৰতা ভংগৰ পিছতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অগপই ঘোষণা কৰিলে আন্দোলনৰ কাৰ্যসূচী।  
  • জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা আৰু ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰাৰ দাবীত বাক্সাৰ বৰমাত অবড়ো সুৰক্ষা সমিতিয়ে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ।
  • ভোগালীৰ উৰুকাত গৃহ সমষ্টি মাজুলীত উপস্থিত হৈ প্ৰতিবাদৰ সন্মুখীন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।
  • নাগৰিকত্ব আইন ৫৫ আৰু পাছপ’ৰ্ট আইনত কেন্দ্ৰীয় চৰকাৰে অনা সংশোধনী নিয়মসমূহক লৈ উচ্চতম ন্যায়ালয়ত শুনানি। 
  • নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতাৰে অধিবক্তা শ্বাহ নৱাজ মহম্মদৰ উদ্যোগত ৪০০ হস্তাক্ষৰযুক্ত স্মাৰকপত্ৰ প্ৰেৰণ প্ৰধানমন্ত্ৰীলৈ।
  • মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত পাছপ’ৰ্ট ভেৰিফিকেচনৰ বাবে মাতি কাৰ্যালয় বন্ধ কৰি ৰখাক কেন্দ্ৰ কৰি পাছপ’ৰ্ট সেৱা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি।  ৰাখিলে বিষয়াই। 
  • জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উৰুকাৰ দিনাও শিৱসাগৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। 
  • গুৰুতৰভাৱে অসুস্থ মন্ত্ৰী ছুম ৰংহাং। যকৃতৰ ৰোগত আক্ৰান্ত হৈছে মন্ত্ৰীগৰাকী। গুৰগাঁৱৰ মেডাণ্টা মেডিচিটীত চিকিত্সাধীন ৰংহাং।‍ 
Comments
Loading...