বাগিচাৰ দৰিদ্ৰ শ্ৰমিকলৈ ‘নিৰ্ভয়’ৰ কম্বল বিতৰণ

0 144

লাহোৱালঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত চেঙেলীজান মধ্য ইংৰাজী বিদ্যালয়ত আজি এটি স্বেচ্ছাসেৱী অনুষ্ঠানে দৰিদ্ৰ লোকৰ মাজত কম্বল বিতৰণ কৰে৷ ‘নিৰ্ভয়’ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে দৰিদ্ৰ চাহ শ্ৰমিকৰ মাজত কম্বল বিতৰণ কৰি সহায়ৰ হাত আগবঢ়ায়। 

সমাজকৰ্মী তুলাৰাম তেলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন সভাত উদ্দেশ্যে ব্যাখ্যা কৰে স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সাধাৰণ সম্পাদক সোণ্টু তেলীয়ে। প্ৰায় এশগৰাকী দৰিদ্ৰ বৃদ্ধা-বৃদ্ধক কম্বল বিতৰণ কৰি ‘নিৰ্ভয়’ৰ মুখ্য উপদেষ্টা চহন সিঙে ৰাইজক অনাগত দিনতো সহায় কৰি যোৱাৰ কথা উল্লেখ কৰে।  

২০১৭ বৰ্ষত জন্ম গ্ৰহণ কৰা এই অনুষ্ঠানটোৱে বিগত বৰ্ষত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্য-পুথি আগবঢ়োৱাৰ লগতে আৰ্থিক সহায়-সহযোগিতা আগবঢ়াই আহিছে। 

কম্বল বিতৰণি অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী দয়ানন্দ শ্বাহ, লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি দীপজয় শইকীয়া, সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ ডিব্ৰুগড় জিলা সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়া, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিব্ৰুগড় শাখাৰ প্ৰাক্তন সাধাৰণ সম্পাদক গনেশ কুৰ্মী, লাহোৱাল শাখাৰ সভাপতি সঞ্জয় কুৰ্মী, সাধাৰণ সম্পাদক হেমন্ত কুজুৰ, প্ৰাক্তন ছাত্ৰ নেতা লখেশ্বৰ তিগা, চাবুৱা লাইভৰ সাংবাদিক দিবাকৰ দত্ত আৰু নিৰ্ভয়ৰ সভাপতি শচীন চাহু উপস্থিত থাকে। স্থানীয় ৰাইজে স্বেচ্ছাসেৱী অনুষ্ঠান নিৰ্ভয়ৰ এনে কামৰ বাবে ভূয়সী প্ৰশংসা কৰে৷

Comments
Loading...