CABক সমৰ্থনঃ ৰাইজে দিলে শাস্তি

0 152

ডিজিটেল ডেস্কঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্য উত্তাল হৈ পৰিছে। অসমীয়া জাতিক নিঃশেষ কৰিব বিচৰা এই জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত ৰাজ্যত সৰ্বস্তৰতে অব্যাহত আছে প্ৰতিবাদ। কিন্তু ইয়াৰ মাজতে একাংশ জাতিবিদ্বেষী লোকে বিধেয়কখনক সমৰ্থন জনাবলৈ গৈ অসমীয়া জাতিটোক কৰা চূড়ান্ত অপমান আৰু জাতিটোৰ প্ৰতি কৰা অশালীন বক্তব্যক কেন্দ্ৰ কৰি অসমীয়াই ক্ষোভিত হৈ পৰিছে। অসমৰ বতাহ-পানী খাই অসমতে বসবাস কৰিও অসমীয়া মানুহৰ লগত সংপৃক্ত হ’ব নোৱাৰা একাংশ বহিৰাগত অনা অসমীয়াৰ কাণ্ড কাৰখানাই স্বাভাৱিকতে উত্তেজিত কৰি তুলিছে অসমীয়াক। কালি ডিগবৈত অসমীয়া জাতিৰ প্ৰতি অশালীন মন্তব্য কৰা অনা অসমীয়াক চিনাক্ত কৰি ৰাজহুৱা শাস্তিৰ ঘটনাৰ পিছতে আজি পুনৰ ডিব্ৰুগড়ৰ দুলিয়াজানত ৰাইজৰ ৰোষত পৰিল এজন অনা অসমীয়া।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ খবৰে স্বাভাৱিকতে আনন্দিত কৰি তুলিছিল লোকজনক। তাৰ আনন্দতে চ’ছিয়েল মিডিয়াত নিজৰ সমৰ্থনৰ কথা প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে লোকজনৰ সন্ধানত নামি পৰিছিল সচেতন লোকে। 

আজি উৰুকাৰ দিনা বিচাৰি পাইছিল মানুহজনক। ৰাইজে ধৰি আনি দুলিয়াজানৰ ৰাজপথত আঠু কঢ়ালে। লোকজনক ৰাইজে গোৰ, চৰ শুধাই অসমীয়া জাতিৰ প্ৰতি কৰা অপমানৰ বাবে ক্ষমা খুজিবলৈ দিয়া হ’ল। চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই সমগ্ৰ দৃশ্য।

Comments
Loading...