১ মিনিটত ৫ টা গুৰুত্বপূৰ্ণ খবৰ

0 175
  • লোকসভা নিৰ্বাচনৰ পূৰ্বে মধ্যবিত্তলৈ কেন্দ্ৰীয় চৰকাৰৰ  বিশেষ অফাৰ। কৰ ৰেহাইৰ ক্ষেত্ৰত নতুন প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ। ২.৫০ লাখৰ পৰা ৫ লাখ টকাপৰ্যন্ত আয়কৰ ৰেহাইৰ প্ৰস্তাৱ গ্ৰহণ কেন্দ্ৰৰ। ভোট অৱ একাউণ্টৰ জৰিয়তে কেন্দ্রই গ্ৰহণ কৰিব এই সিদ্ধান্ত।
  • অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সমিতিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ। ইজনৰ পিছত আনজন সদস্যই কিয় কৰিছে আপত্তি? ৰাজ্য চৰকাৰৰে হোৱা আলোচনামৰ্মে গঠন কৰা হৈছিল কমিটী, সদস্যসকলৰ পৰাও লোৱা হৈছিল পূৰ্বানুমতি।
  • দক্ষিণ কামৰূপৰ বিজয়নগৰত পথ দুৰ্ঘটনাত নিহত এজন। দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে চাইকেলেৰে গৈ থকা লোকজনক।
  • হাজোৰ দমদমাত বিধ্বংসী অগ্নিকাণ্ড। ডেকা টিম্বাৰ চপ নামৰ প্ৰতিষ্ঠানখনত লাগিল জুই। বহু নথিৰ লগতে জুইত জাহ গ’ল লক্ষাধিক টকাও। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ।
  • নগাঁৱৰ হয়বৰগাঁৱৰ বাণী বুক ষ্টলৰ সমীপৰ পৰা ৰহস্যজনক ভাৱে সন্ধানহীন জিহাদ জিন্নান নামৰ এটি ১০বছৰীয়া শিশু। মৈৰাবাৰীৰ পৰা এখন এল্ট’ত পিতৃ-মাতৃৰ সৈতে আহিছিল শিশুটি। দিনৰ ২বজাত সংঘটিত হৈছিল এই ঘটনা। অপহৰণৰ সন্দেহত মাতৃয়ে গোচৰ তৰে হয়বৰগাঁও টাউন আৰক্ষী চকীত। কিন্তু বিয়লি ৪বজাত শিশুটিক খুৰায়েকে ৰাইদঙীয়াৰ পৰা উদ্ধাৰ  কৰে শিশুটিক।
Comments
Loading...