আলফা (স্বা)ৰ শিৱিৰত বাৰ্মীজ সেনাৰ আক্ৰমণ

0 202

ডিজিটেল ডেস্কঃ ম্যানমাৰত আলফা স্বাধীনৰ শিবিৰত বাৰ্মিজ সেনাৰ আক্ৰমণ। এন এছ চি এন (কে)ৰ মুখ্য শিবিৰ সেনাই দখল কৰাৰ পিছতে এই আক্ৰমণ বাৰ্মিজ সেনাৰ। ইতিমধ্যে টাগাত থকা শিবিৰ এৰিছে আলফা স্বাধীনৰ নেতা–কেডাৰে। বাৰ্মিজ সেনাই দখল কৰিছে আলফা স্বাধীনৰ শিবিৰ।

ছাগায়িঙৰ নেনয়ুন চহৰৰ সমীপত আছিল আলফা স্বাধীনৰ শিবিৰ। ভাৰত চৰকাৰৰ অহৰহ হেঁচাত বাৰ্মিজ সেনাই চলাইছে এই আক্ৰমণ। এতিয়ালৈকে অহা নাই হতাহতৰ কোনো তথ্য। কোনো তথ্য ৰাজহুৱা কৰা নাই বাৰ্মিজ সেনা তথা চৰকাৰে।

Comments
Loading...