আজি ঐতিহাসিক ক্ষণৰ সাক্ষী হল অসম

0 185

ডিজিটেল ৰিপৰ্টঃ এক ঐতিহাসিক ক্ষণৰ সাক্ষী ৰাজ্যবাসী। চাংসাৰিত প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিলে ছয়লেনযুক্ত গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ আধাৰশিলা। ২,১৮৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব দলংখন। এইমছৰ ভূমি পূজনত অংশ লোৱাৰ লগতে নৰ্থ-ইষ্ট গ্ৰীড আৰু চিটী গেছ ডিষ্ট্ৰিবিউচন নেটৱৰ্কৰো আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকী।

কামৰূপ, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত হ’ব চিটী গেছ ডিষ্ট্ৰিবিউচন নেটৱৰ্ক। তিনিচুকীয়াৰ হলং মড্যুলাৰ গেছ প্ৰচেছিং প্লাণ্ট উদ্বোধন কৰাৰ লগতে নুমলীগড়ৰ এন আৰ এলৰ ৯ কিঃমিঃ দৈৰ্ঘ্যৰ গুৱাহাটী-বাৰাউনী গেছ পাইপলাইনো উদ্বোধন কৰে মোদীয়ে। গুৱাহাটীৰ কাৰ্যসূচী সামৰি প্ৰধানমন্ত্ৰী ৰাওনা হ’ব আগৰতলালৈ।

Comments
Loading...