প্ৰৱল বিৰোধিতাৰ মাজতো প্ৰধানমন্ত্ৰীৰ ভাষণ। সৱিশেষ পঢ়ক

0 185

ডিজিটেল ৰিপৰ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উত্তৰ-পূৱ আগমনক কেন্দ্ৰ কৰি চলি থকা প্ৰৱল বিৰোধিতাৰ মাজতে আজি অৰুণাচলত উদ্দাক্ত কন্ঠেৰে ভাষণ প্ৰধান কৰিলে মোডীয়ে। অৰুণাচলৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এখন জনসভাত মোডীয়ে অৰুণাচলৰ উপ-ভাষা নিচি ভাষাৰে আৰম্ভ কৰে নিজৰ ভাষণ। 

অৰুণাচল প্ৰদেশ দেশৰ স্বাভিমান, দেশৰ সুৰক্ষাৰ গে’টৱে। অৰুণাচলে আমাৰ বিশ্বাসক শক্তি দিয়ে, আমাৰ সংকল্পক অধিক শক্তিশালী কৰে অৰুণাচলে- ইটানগৰৰ ইন্দিৰা গান্ধী পাৰ্কত কেইবাটাও প্ৰকল্প উদ্বোধন কৰি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। আজি অৰুণাচলত ৪ হাজাৰ কোটি টকাৰ কামৰ আধাৰশিলা আৰু শুভাৰম্ভণি হ’ব। লগতে ১৩ হাজাৰ কোটি টকাৰ বিভিন্ন উন্নয়মমূলক কাম অব্যাহত আছে। প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ হ’লে যোগাযোগ, শক্তি, সাংস্কৃতিক, পৰ্যটন ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰিব বুলি ভাষণত উল্লেখ প্ৰধানমন্ত্ৰীৰ।

বৰ্তমানৰ কেন্দ্ৰৰ ৫৫ মাহ আৰু এটা দলৰ ৫৫ বছৰ। কিমান কাম সম্পূৰ্ণ হ’ল আপোনালোকে দেখিছে- কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী। অৰুণাচলক আধুনিক আন্তঃগাঁথনিৰ প্ৰয়োজন, আমি ইয়াৰ পৰিৱৰ্তনৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। কেন্দ্ৰীয় চৰকাৰে অৰুণাচল তথা উঃ-পূবৰ বিকাশৰ বাবে পুঁজি আৰু ইচ্ছাশক্তিৰ অভাৱ হ’‍বলৈ দিয়া নাই বুলি উল্লেখ কৰে মোদীয়ে। বিজেপি চৰকাৰে ৪৪ হাজাৰ কোটিৰ সাহায্য প্ৰদান কৰিছে অৰুণাচলক, পূৰ্বৰ চৰকাৰৰ তুলনাত এয়া দুগুণ। আজি একেদিনাই দুটা বিমান বন্দৰৰ আধাৰশিলা আৰু উদ্বোধন হৈছে। তেজু বিমান বন্দৰ যাত্ৰীৰ ব্যৱহাৰৰ বাবে পুনৰ আৰম্ভ হ’ল। ৫০ বছৰ পূৰ্বে আৰম্ভ হোৱা বন্দৰটো অব্যৱহৃত হৈ আছিল। লগতে হোলেঙি বিমান বন্দৰৰ আধাৰশিলা স্থাপন হৈছে দ্বিতীয়টো গ্ৰীনফিল্ড বিমান বন্দৰ হ’‍ব উত্তৰ-পূবত। অৰুণাচলৰ ফুলে দেশৰ বজাৰ দখল কৰিব পাৰে, ইয়াৰ সম্ভাৱনাৰ কথা পুনৰ দোহাৰিলে প্ৰধানমন্ত্ৰীয়ে।

টাৱাঙক ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰা হ’ব। লগতে অৰুণাচলৰ ৰাইজৰ বাবে ২৪ ঘণ্টীয়া অৰুণপ্ৰভা টিভি চেনেলৰ উদ্বোধন হ’ল। ইয়াৰ যোগেদি দুৰ্গম অঞ্চলৰ খবৰসমূহো কম সময়তে লাভ কৰিব। যাৰ জৰিয়তে অৰুণাচলৰ পৰম্পৰা, সৌন্দৰ্যৰ সৈতে সকলোৱে পৰিচিত হ’ব। FTIIত চলচ্চিত্ৰ আৰু টিভিৰ ক্ষেত্ৰত বহু লোক দক্ষ হ’ব, ইয়াৰ জৰিয়তে এদল প্ৰতিভাধৰ সৃষ্টি হ’ব। লগতে আজি একেলগে ৫০টা স্বাস্থ্য কেন্দ্ৰৰ উদ্বোধন হ’ল। অৰুণাচলৰ স্বাস্থ্য খণ্ডত ইয়ে বহু লোকক লাভান্বিত কৰিব বুলিও মন্তব্য প্ৰধানমন্ত্ৰীৰ।

‘আজি ১১০ মেগাৱাট পাৰে জলবিদ্যুত্‍ প্ৰকল্পৰ উদ্বোধন হ’ল। ইয়াৰ ট্ৰেন্সমিছনৰ কামৰ বিকাশৰ বাবে ৩ হাজাৰ কোটি টকা ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ জৰিয়তে অৰুণাচলৰ লগতে উঃ-পূবে বিদ্যুত্‍ সেৱা লাভ কৰিব। সৌভাগ্য আঁচনিযোগে অৰুণাচলৰ প্ৰায় সকলো গাঁৱে বিদ্যুত্‍ সংযোগ লাভ কৰিছে।’ MagnificentNortheast শীৰ্ষক টুইটক লৈও মন্তব্য মোদীৰ। মোৰ আহ্বানৰ পিছতে সহস্ৰাধিক লোকে টুইট কৰিছে। বিভিন্ন সময়ত উঃ-পূব ভ্ৰমণৰ আকৰ্ষণীয় ফটো মোৰ সৈতে শ্বেয়াৰ কৰিছে বহুজনে। আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধি আৰু জৈৱিক খেতিৰ বাবে কেন্দ্ৰই সাহায্য আগবঢ়োৱাৰো আশ্বাস মোদীৰ। মই য’ত আধাৰশিলা স্থাপন কৰোঁ, তাত ময়েই উদ্বোধন কৰোঁ, বিকাশৰ পঞ্চধাৰাক আগুৱাই নিয়াই বিজেপি চৰকাৰৰ লক্ষ্য বুলিও তাত্পৰ্যপূৰ্ণ মন্তব্য কৰে মোদীয়ে।

Comments
Loading...