জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে আজি কত কত চলিল প্ৰতিবাদ

0 141

ডিজিটেল ৰিপৰ্টঃ বিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ। বোকাখাতত ক’লা কাপোৰ পৰিধান কৰি ক’লা পতাকা উৰুৱাই প্ৰতিবাদ আছুৰ। ধেমাজি, ধেমাজিৰ বৰদলনি, গোগামুখ, চিলাপথাৰতো আছুৰ প্ৰতিবাদ। সৰুপথাৰত আছুৰ বিক্ষোভ, বটদ্ৰৱাৰ জাজৰিতো আছুৰ প্ৰতিবাদ।

দুধনৈত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, আছুৱে দাহ কৰিলে প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি। ডবকাত হাতে হাতে ক’লা পতাকা লৈ কৃষক মুক্তিৰ প্ৰতিবাদ৷ শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত বিধেয়ক বিৰোধী প্ৰতিবাদ। মুণ্ডন কৰি তীব্ৰ প্ৰতিবাদ ঐক্য সেনাৰ একাংশ সদস্যৰ।

গহপুৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত আছুকে ধৰি বিভিন্ন সংগঠনৰ প্ৰতিবাদ। নগাঁৱৰ চামগুৰি আৰু পুৰণিগুদামতো আছুৱে দাহ কৰিলে প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি। বিধেয়কৰ বিৰোধিতাৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ প্ৰতিবাদ আছুৰ।

Comments
Loading...