চিকিৎসকক আক্ৰমণ

0 192

ডিজিটেল ৰিপ’ৰ্টঃ বন্ধ সমৰ্থকৰ পৰা এইবাৰ ৰক্ষা নাপালে চিকিৎসকেও। সদৌ অসম টাই আহোম যুৱ-ছাত্ৰ পৰিষদে আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধত তিনিচুকীয়াৰ ডিগবৈত বন্ধ সমৰ্থকৰ আক্ৰমণত আহত হৈছে এগৰাকী চিকিৎসক।

মাৰ্ঘেৰিটা ক’ল ইণ্ডিয়াৰ চকু চিকিৎসক ডাঃ দিব্যা সিং বৰঠাকুৰে আজি ডিগবৈৰ পৰা নিজ গাড়ীৰে আহি থকা অৱস্থাত ডিগবৈ গোলাইত একাংশ বন্ধ সমৰ্থকে শিল নিক্ষেপ কৰা ফলত চিকিৎসক গৰাকী আহত হোৱাৰ লগতে গাড়ী খনৰো কিছু ক্ষতি হয়। আনহাতে এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, বন্ধৰ সময়ছোৱাত সাধাৰণতে চিকিৎসকলক ৰেহাই দিয়া হয় যদিও একাংশ উগ্ৰ সমৰ্থকৰ পৰা ৰেহাই নাপালে চিকিৎসকে। এই ঘটনাক সৰ্বত্ৰে গৰিহনা দিছে।

Comments
Loading...